ফাৰ্মাচীৰ ভিতৰত বিধৱাক ধৰ্ষণৰ চেষ্টা ফাৰ্মাচিষ্টৰ!

দক্ষিণ কামৰূপৰ জোৰশিমুলীত ভুৱা ফাৰ্মাচিষ্টৰ সন্ত্ৰাস৷ ফাৰ্মাচীৰ ভিতৰত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ফাৰ্মাচিষ্টজনৰ৷ জোৰশিমুলী আৰক্ষী চকীৰ সমীপতে এইদৰে মহিলাক অশালীন ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ৷ ৰূপচান আলী নামৰ ভুৱা ফাৰ্মাচিষ্টজনে এগৰাকী বিধৱা মহিলাক শাৰিকীক ভাৱে অপদস্থ কৰাৰ চেষ্টা কৰাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয়গৈ মহিলাগৰাকীৰ ভাতৃ৷ তেতিয়াই ৰূপচান আলীয়ে বাঁহৰ লাঠিৰে মৰিয়াই মৰিয়াই আহত কৰে মহিলাগৰাকীৰ ভাতৃক৷ ফলত ৰক্তাক্ত হৈ পৰে তেওঁৰ সৰ্বশৰীৰ৷ লম্পট ৰূপচান আলীয়ে মহিলাগৰাকীৰ কাপোক কানি টান- ছিঙি ফালি পেলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি জোৰশিমুলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে৷ সম্প্ৰতি মহিলাগৰাকীৰ লগতে তেওঁৰ বাতৃ আৰু আন এজন চিকিৎসাৰত অৱস্থাত আছে৷ উল্লেখ্য যে, ভুৱা ফাৰ্মাচিষ্ট ৰূপচান আলীয়ে বিধৱা মহিলাৰা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ২০ হাজাৰ টকা দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...