ফাৰ্মাচীৰ ভিতৰত বিধৱাক ধৰ্ষণৰ চেষ্টা ফাৰ্মাচিষ্টৰ!

দক্ষিণ কামৰূপৰ জোৰশিমুলীত ভুৱা ফাৰ্মাচিষ্টৰ সন্ত্ৰাস৷ ফাৰ্মাচীৰ ভিতৰত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ফাৰ্মাচিষ্টজনৰ৷ জোৰশিমুলী আৰক্ষী চকীৰ সমীপতে এইদৰে মহিলাক অশালীন ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ৷ ৰূপচান আলী নামৰ ভুৱা ফাৰ্মাচিষ্টজনে এগৰাকী বিধৱা মহিলাক শাৰিকীক ভাৱে অপদস্থ কৰাৰ চেষ্টা কৰাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয়গৈ মহিলাগৰাকীৰ ভাতৃ৷ তেতিয়াই ৰূপচান আলীয়ে বাঁহৰ লাঠিৰে মৰিয়াই মৰিয়াই আহত কৰে মহিলাগৰাকীৰ ভাতৃক৷ ফলত ৰক্তাক্ত হৈ পৰে তেওঁৰ সৰ্বশৰীৰ৷ লম্পট ৰূপচান আলীয়ে মহিলাগৰাকীৰ কাপোক কানি টান- ছিঙি ফালি পেলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি জোৰশিমুলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে৷ সম্প্ৰতি মহিলাগৰাকীৰ লগতে তেওঁৰ বাতৃ আৰু আন এজন চিকিৎসাৰত অৱস্থাত আছে৷ উল্লেখ্য যে, ভুৱা ফাৰ্মাচিষ্ট ৰূপচান আলীয়ে বিধৱা মহিলাৰা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ২০ হাজাৰ টকা দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...