শৌচাগাৰৰ নিৰীক্ষক আলোক লালৰ বাবে ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা

বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ। ৰে’ল আৰক্ষীয়ে জব্দ কৰে বিস্ফোৰক সামগ্ৰীসমূহ। লামডিঙত ৫৮০ ডাল জেলেটিন ৰ’লসহ বৈদ্যুতিক তাঁৰ জব্দ। ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক। লামডিং ৪নম্বৰ প্লেটফৰ্মৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।

বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা ব্যাক্তিজনৰ ঘৰ হাফলঙত। বৃহৎসংখ্যক বিস্ফোৰক সামগ্ৰীবোৰ ডিমাপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ব্যক্তিজনে। নিশা লামডিং ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী উদ্ধাৰ হয়৷ লামডিঙত উদ্ধাৰ হোৱা সামগ্ৰীখিনি আৰক্ষীয়ে জব্দ কৰাৰ পিছত বৃহৎ সফলতা এগৰাকী যুৱকৰ৷

লামডিং ৰে’লৱে ষ্টেচনৰ শৌচাগাৰৰ নিৰীক্ষক হিচাপে কৰ্মৰত আলোক লাল নামৰ যুৱকজনে লামডিং ষ্টেচনৰ উচ্চ শ্ৰেণীৰ জিৰণী কোঠাত পোনতে যুৱক দুজনসহ বহুকেইটা বেগ পৰিলক্ষিত কৰি লামডিং জিআৰপিক খবৰ দিয়ে যদিও ৰে’ল আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷

মেঘালয়ৰ পৰা শিলচৰ হৈ ডিমাপুৰলৈ সামগ্ৰীখিনি কঢ়িয়াই নিয়া যুৱকজনে আলোক লালক ৩ লাখ টকা দিয়াৰ কথা কোৱাৰ পিছতো আলোকে এজন সচেতন তথা সৎ নাগৰিকৰ পৰিচয় দি আৰক্ষীক অৱগত কৰাতহে লামডিঙৰ এই বিষ্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ হয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...