শৌচাগাৰৰ নিৰীক্ষক আলোক লালৰ বাবে ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা

বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ। ৰে’ল আৰক্ষীয়ে জব্দ কৰে বিস্ফোৰক সামগ্ৰীসমূহ। লামডিঙত ৫৮০ ডাল জেলেটিন ৰ’লসহ বৈদ্যুতিক তাঁৰ জব্দ। ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক। লামডিং ৪নম্বৰ প্লেটফৰ্মৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।

বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা ব্যাক্তিজনৰ ঘৰ হাফলঙত। বৃহৎসংখ্যক বিস্ফোৰক সামগ্ৰীবোৰ ডিমাপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ব্যক্তিজনে। নিশা লামডিং ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী উদ্ধাৰ হয়৷ লামডিঙত উদ্ধাৰ হোৱা সামগ্ৰীখিনি আৰক্ষীয়ে জব্দ কৰাৰ পিছত বৃহৎ সফলতা এগৰাকী যুৱকৰ৷

লামডিং ৰে’লৱে ষ্টেচনৰ শৌচাগাৰৰ নিৰীক্ষক হিচাপে কৰ্মৰত আলোক লাল নামৰ যুৱকজনে লামডিং ষ্টেচনৰ উচ্চ শ্ৰেণীৰ জিৰণী কোঠাত পোনতে যুৱক দুজনসহ বহুকেইটা বেগ পৰিলক্ষিত কৰি লামডিং জিআৰপিক খবৰ দিয়ে যদিও ৰে’ল আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷

মেঘালয়ৰ পৰা শিলচৰ হৈ ডিমাপুৰলৈ সামগ্ৰীখিনি কঢ়িয়াই নিয়া যুৱকজনে আলোক লালক ৩ লাখ টকা দিয়াৰ কথা কোৱাৰ পিছতো আলোকে এজন সচেতন তথা সৎ নাগৰিকৰ পৰিচয় দি আৰক্ষীক অৱগত কৰাতহে লামডিঙৰ এই বিষ্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ হয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...