ত্ৰিকোণীয়া প্ৰেমৰ পৰিণতিত হত্যাৰ বলি ফাইজুৰ ৰহমান

ত্ৰিকোণীয়া প্ৰেমৰ পৰিণতিত হত্যাৰ বলি হোৱা কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে স্থানীয় লোকে জ্বলাই দিয়ে ফাইজুৰৰ প্ৰেমিকা ৰাজানা আহমেদ আৰু হত্যাকাৰী বুলি অভিযুক্ত নিজামউদ্দিনৰ বাসগৃহ।

লাহৰীঘাটত এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। আনকি ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়েও হৈ পৰে অসহায়।

আনিছুৰ ৰহমানৰ আত্মসমৰ্পণৰ পিছতে উদ্ধাৰ হৈছিল ফাইজুৰ ৰহমানৰ মৃতদেহ। ফাইজুৰৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘাতক প্ৰেমিকা ৰাজনা আহমেদৰ বাসগৃহ জ্বলাই দিয়ে উত্তেজিত জনতাই।

উল্লেখ্য, ৰহস্যময়ী ৰাজানা আহমেদে পুৰণি প্ৰেমিক বৰচিলা মহাবিদ্যালয়ৰ ছাত্ৰ ফাইজুৰ ৰহমানক ফোনযোগে মাতি নি আনিছুৰ ৰহমানৰ লগত মিলি অপহৰণ কৰি হত্যা কৰিছিল।

হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল আনিছুৰ ৰহমান। ৰাজানা আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু আনিছুৰ ৰহমানৰ আত্মসমৰ্পণৰ পিছত পাটিদৈয়া বিলত ১০ দিনৰ পিছত উদ্ধাৰ হয় ফাইজুৰৰ মৃতদেহ।

আনিছুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে ফাইজুৰৰ মৃতদেহ। হত্যাকাৰী বিবাহিত যুৱক আনিছুৰক কঠোৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...