নৱবৰ্ষৰ প্ৰথম দিনটোতেই ‘ছানডাকফু’ লৈ এক্সপ্ল’ৰাৰ্ছৰ ট্ৰেকিং অভিযান

নতুন বছৰত ৰাজ্যৰ প্ৰথমটো পৰ্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে দুঃসাহসিক ক্ৰী়ড়া সংগঠন এক্সপ্ল’ৰাৰ্ছে । দাৰ্জিলিং হিমালয়ৰ ১২,০০০ ফুট উচ্চতাৰ ‘ছানডাকফুত সংগঠনৰ ৮ জনীয়া এটা দলে যোৱা ৩১ডিচেম্বৰৰ দিনা পদাৰ্পন কৰে । ২০২৩ ৰ অন্তিম সূৰ্যাস্তৰ অবিস্মৰণীয় দৃশ্য দলটোৱে তাৰ পৰা প্ৰত্যক্ষ কৰি অভিভূত হয়। ১ জানুৱাৰীৰ দিনা পুৱা ছানডাকফুৰ শীৰ্ষত ডাৱৰৰ সাগৰ ফালি হোৱা সূৰ্যোদয়ে কাঞ্চনজংঘাৰ গিৰিশিখৰত সৃষ্টি কৰা অপৰূপ দৃশ্যৰ মাজত এক্সপ্ল’ৰাৰ্ছৰ দলটোৱে নৱবৰ্ষৰ শুভাৰম্ভ কৰে।

ছানডাকফুলৈ ট্ৰেকিং অভিযানৰ বাবে দলটো যোৱা ২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। দাৰ্জিলিং হৈ দলটোৱে যোৱা ২৯ ডিচেম্বৰত মানেভঞ্জনৰ পৰা ট্ৰেকিং আৰম্ভ কৰে। ট্ৰেকিং পথত দলটোৱে টুমলিং আৰু কালা পুখুৰীত নিশা যাপন কৰি ৩১ ডিচেম্বৰত ছানডাকফুত ট্ৰেকিং কৰি গৈ উপস্থিত হৈছিল।

এক্সপ্ল’ৰাৰ্ছৰ সাধাৰণ সম্পাদক নন্দ দুলাল দাসে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা মতে, প্ৰণয় বৰদলৈৰ তত্বাৱধানত ভাস্বৰজ্যোতি ভৰদ্বাজ আৰু কাদম্বৰী বৰদলৈৰ নেতৃত্বত যোৱা দলটোৰ আন সদস্যসকল হৈছে ধ্ৰুবাৰ্ষী ভৰদ্বাজ , এদ্ৰিয়ানা কাশ্যপ, ড০ ৰিজু কাকতি শৰ্মা, মনালিছা বৰুৱা আৰু ৰীমা বৰদলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...