UPI ID ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ

সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰিছে UPI লেনদেন। বিভিন্ন ব্যৱসায়িক লেনদেনৰ লগতে ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰতো সম্প্ৰতি বিশেষভাৱে ব্যৱহাৰ কৰি অহা হৈছে এই UPI ব্যৱস্থা। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি পহিলা জানুৱাৰীৰ পৰা UPI লেনদেনৰ ক্ষেত্ৰত সলনি কৰা হৈছে কেইবাটাও নিয়ম। এই ব্যৱস্থাত সংযোজিত কৰা হৈছে নতুন নিয়ম অনুসৰি RBI-এ সমগ্ৰ দেশত UPI ATMসেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ATM সেৱাৰ জৰিয়তে বেংক একাউণ্টৰ পৰা QR CODEৰ জৰিয়তে উলিয়াব পৰা যাব নগদ ধন। এবছৰ ধৰি ব্যৱহাৰ নকৰা Paytm, Gpay, PhonPe আৰু অন্যান্য বেংক একাউণ্টা বন্ধ কৰি দিয়া হ’ব। এই সম্পৰ্কত ইতিমধ্যে নেচনেল পেমেণ্ট কৰ্পোৰেশ্যনে সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে। UPI লেনদেনৰ কেতবোৰ ক্ষেত্ৰত ইয়াৰ উৰ্ধসীমা বৃদ্ধি কৰা হৈছে। বৰ্তমান UPI ব্যৱস্থাৰে প্ৰতিদিনে সৰ্বাধিক ১ লাখ টকাৰ লেনদেন কৰাটো সম্ভৱ। এতিয়াৰে পৰা RBI-এ স্বাস্থ্য আৰু শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই সীমা ৫ লাখ টকালৈকে বৃদ্ধি কৰে। PPI অৰ্থাৎ Prepaid Payment Instrument ব্যৱস্থাৰে ২০০০ টকাৰ অধিক লেনদেনৰ ক্ষেত্ৰত এতিয়াৰে পৰা আৰোপ কৰা হ’ব ১.১ শতাংশ মাচুল। এই নতুন নিয়মসমূহ পহিলা জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব।

NKTV Digital
Author: NKTV Digital

290 COMMENTS

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...