বনভোজলৈ বুলি ওলাইছিল গোলাঘাটৰ বছা-ভৰলুৱাৰ ৪৫ জন

0 538

পুৱতি নিশা গোলাঘাটৰ দেৰগাঁও বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলী। গোলাঘাটৰ আঠখেলীয়াৰ সমীপৰ বছা-ভৰলুৱা গাঁৱৰ পৰা বনভোজৰ বাবে যোৱা এখন আলট্ৰা বাছৰ মুখামুখী সংঘৰ্ষ মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন কয়লা ভৰ্তি ট্ৰাকৰ সৈতে। ঘন কুঁৱলী আৰু ডাইভাৰ্ছনৰ ভুল সাংকেতিক চিহ্নৰ বাবে হোৱা এই ভয়ানক পথ দুৰ্ঘটনাত শিশু মহিলা সহ ১২ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে। ৫ গৰাকী লোক সংকটজনক অৱস্থাত এতিয়াও JMCHৰ ICUত চিকিৎসাধীন। আহতৰ সংখ্যা সৰ্বমুঠ ৩১। বুধবাৰে পুৱাৰ ভাগতে অহা এই খবৰে জোকাৰি গ’ল সমগ্ৰ ৰাজ্যক।

দেৰগাঁও ট্ৰেজেডী
দেৰগাঁও বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলী।
বুধবাৰে কাহিলী পুৱা তেতিয়া প্ৰায় ৪ বাজি ৪১ মিনিট গৈছে।

গোলাঘাটৰ আঠখেলীয়াৰ সমীপৰ বছা-ভৰলুৱা গাঁৱৰ ৪৫ জন লোক বনভোজলৈ বুলি এখন আলট্ৰা বাছেৰে গৈ আছিল তিনিচুকীয়া অভিমুখে। ঘন কুঁৱলীয়ে ঢাকি ৰাখিছিল ৰাষ্ট্ৰীয় ঘাইপথ। জানুৱাৰীৰ এই প্ৰচণ্ড শীতৰ পুৱা হেড লাইট অন কৰি তীব্ৰ বেগেৰে তিনিচুকীয়া অভিমুখে আগবাঢ়িছিল আলট্ৰা বাছখন। বিপৰীত দিশেৰে মাৰ্ঘেৰিটাৰ পৰা আৰু অধিক বেগেৰে আহি আছিল এখন অ’ভাৰলোডেড কয়লা ট্ৰাক। দেৰগাঁও বালিজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেই পথচোৱা ৱান ৱে আছিল। কুঁৱলীৰ বাবে পথ ডাইভাৰ্ছনৰ সাংকেতিক চিহ্ন দেখা পোৱা অৱস্থাত নাছিল।

যাত্ৰীবাহী আলট্ৰা বাছ আৰু কয়লাভৰ্তি ট্ৰাকৰ মুখামুখী সংঘৰ্ষ।
নিমিষতে শেষ হৈ গ’ল সকলো।
দুৰ্ঘটনাস্থলীত ছেদেলি ভেদেলী হৈ পৰি ৰ’ল মানুহৰ হাত-ভৰি।

মূহুৰ্তৰ ভিতৰতে হোৱা এই দুৰ্ঘটনাৰ পিছৰ দৃশ্য দেখি উচপ খাই উঠিল বালিজানৰ স্থানীয় লোক। কিংকৰ্তব্যবিমূঢ় হৈ ৰ’ল প্ৰত্যক্ষদৰ্শী। ঘটনাস্থলীতে অনাকাংক্ষিত মৃত্যুক সাৱটিলে শিশুসহ ১০ গৰাকীয়ে। যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হ’ল ২ গৰাকীৰ। কিছু সময় পিছতে আহিল নিহত লোকসলৰ তালিকাঃ আলট্ৰা বাছখনৰ চালক মৃদুল বৰা (৪৫), কয়লাভৰ্তি ট্ৰাকখনৰ চালক নুৰ আলম হক, একেখন ঘৰৰে ৫ গৰাকী ক্ৰমান্বয়ে- অনিমা শইকীয়া (৬০), পিংকী শইকীয়া (৪৮), দীপালী শইকীয়া (৩৭), শুভংকৰ শইকীয়া (১৩), নিহাৰিকা শইকীয়া (১০), আন এঘৰৰ নিত্যানন্দ বৰা (৪৫) আৰু তেওঁৰ কন্যা প্ৰিঞ্চীপ্ৰিয়া বৰা (৭), নৱজিৎ শইকীয়া (৪০), সোমেশ্বৰ বৰা (৪৩) আৰু ৰিংকী বৰা (১৮)। আঠখেলীয়াৰ সমীপৰ বছা-ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ যোৱাৰ কথা আছিল। উভতি আহোঁতে ধলা-শদিয়া অথবা বগীবিলত বনভোজ খোৱাৰো পৰিকল্পনা কৰিছিল। কিন্তু মূহুৰ্তৰ ভিতৰতে শেষ হৈ গৈছিল সকলো।

দুৰ্ঘটনা ইমানেই ভয়ানক আছিল যে এগৰাকী মহিলাৰ ওপৰত উফৰি পৰিছিল ৩ টাকে ছিন্ন-ভিন্ন দেহ। কথমপি কন্যাসহ প্ৰাণ ৰক্ষা পৰিছিল মহিলাগৰাকীৰ। আহত সকলক দুৰ্ঘটনাৰ পিছতে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। একাংশক নিয়া হয় গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ। JMCHৰ ICUত মৃত্যুৰে যুঁজি আছে ৫ গৰাকীয়ে। আহত অৱস্থাত চিকিৎসাধীন হৈ আছে শিশু-মহিলাসহ ৩১ গৰাকী লোক।

দুৰ্ঘটনাস্থলী বালিজানৰ স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ, নিৰ্মাণকাৰী সংস্থাৰ হেমাহী আৰু গাফিলতিৰ বাবেই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱাত বাৰম্বাৰ সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনা। বালিজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেই পথচোৱা ৱান ৱে আছিল। তিনিচুকীয়া-শিৱসাগৰ দিশৰ পৰা অহা যান বাহনৰ বাবে পথচোৱাত আছিল ডাইভাৰ্ছনৰ অস্পষ্ট সাংকেতিক চিহ্ন। বিয়লিলৈ অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ উপ-মহাপৰিদৰ্শকে আঁতৰাই দিয়ে সেই সাংকেতিক চিহ্ন।

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও দোষিলে নিৰ্মাণকাৰী সংস্থাক। অনাকাংক্ষিত ঘটনাক লৈ ব্যথিত মন্ত্ৰী অজন্তা নেওগ। বুধবাৰে পুৱাই সমগ্ৰ অসমক জোকাৰি যোৱা দেৰগাঁৱৰ বালিজানৰ এই প্ৰাণঘাতী পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নিহত সকলৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ লগতে আহত সকললৈ ৫০ হাজাৰকৈ টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ। ঘটনাক লৈ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ। কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাব লগা হ’ল ১২ গৰাকীকৈ নিৰীহ লোকে, তথ্য লাগে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক।

Leave A Reply

Your email address will not be published.