দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাৰ বাবে দায়ী কোন?

দেৰগাঁৱৰ ফ’ৰলেন পথত মৃত্যুৰ কিৰিলী
বনভোজলৈ আহি শিহৰণকাৰী দুৰ্ঘটনাত ১২জনৰ মৃত্যু

একেলগে এখন গাঁৱৰ কেইবাটাও পৰিয়াললৈ নামিল অমানিশা। মৃতদেহ সৎ‍কাৰ কৰিবলৈও কোনোটো পৰিয়ালত নাবাচিল এজনো সদস্য।
কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে দায়ী কোন?
ফ’ৰলেনৰ নামত NHIDCLএ পতা মৰণফান্দেই মাতিলে কাল!
ঠিকাদাৰৰ গাফিলতিত বুকু শুদা হ’ল বহুজনৰ!

এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে সৰ্বত্ৰ হৈছে প্ৰতিক্ৰিয়া। অভিযোগ উঠিছে পথ নিৰ্মাণকাৰী সংস্থাই উপযুক্ত পথ নিৰ্দেশনাৰ ফলক নলগোৱাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা। দীৰ্ঘদিনীয়া অভিযোগ জধে–মধে পথ নিৰ্দেশনাৰ ফলক লগাই দিয়াৰ ফলতো বিভ্ৰান্ত হয় চালক। তাৰোপৰি ঠিকাদাৰৰ হেমাহিয়ে উজনিৰ পথচাৰিলৈ মাতিছে কাল। এই অভিযোগ সত্য প্ৰমাণিত কৰিলে দেৰগাঁৱৰ শিহৰণকাৰী দুৰ্ঘটনাই।

১২জনৰ প্ৰাণ কঢ়া আৰু কেইবাজনকো পংগু কৰা এই দুৰ্ঘটনাৰ পিছতে এতিয়া NHIDCL আৰু ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈছে শাসকীয় বিধায়ক। সংশ্লীষ্ট ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

কিন্তু এই অৱস্থা আজিৰ নহয়, উজনিৰ ফ’ৰলেন নিৰ্মানত চূড়ান্ত বেমেজালি, বিসংগতিৰ বাবে পূৰ্বে অসমলৈ আহি NHIDCLৰ বিষয়াক ককৰ্থনা কৰিব লগীয়া হৈছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। অসম বিধান সভাৰ অধ্যক্ষৰ নেতৃত্বত NHIDCLৰ সকলো শীৰ্ষ বিষয়াৰে বৈঠক অনুষ্ঠিত উজনিৰ বিধায়কৰ এটা দলেও কৰিছিল ককৰ্থনা। নিৰ্দেশ দিয়া হৈছিল ফ’ৰলেন নিৰ্মানৰ বিসংগতি দূৰ কৰা আৰু শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰা। কিন্তু তাৰ পিছতো গড়ৰ চালৰ দৰে চাল ডাঠ হোৱা NHIDCLৰ নহ’ল শুভ বুদ্ধিৰ উদয়। আৰু তাৰ ফলশ্ৰুতিত এই শোকাৱহ দুৰ্ঘটনা। গতিকে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ।

এই শিহৰণকাৰী দুৰ্ঘটনাৰ পিছতে পথ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে ক্ষোভ পৰিবহণ মন্ত্ৰীৰ। তদন্তৰ নিৰ্দেশ পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ। পৰিবহণ আয়ুক্ত IPS অংকুৰ জৈন আৰু ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ মুৰব্বী IPS গৌৰৱ উপাধ্যায়ক ঘটনাস্থলীলৈ গৈ তদন্তৰ নিৰ্দেশ।

কিন্তু তাৰ বিপৰিতে এই শোকাৱহ দুৰ্ঘটনাৰ কাৰণে কুৱলীকহে দোষাৰোপ মুখ্যমন্ত্ৰীৰ। ঘন কুঁৱলীত বাহন চলালে এনে দুৰ্ঘটনাৰ হ’বই বুলিহে মন্তব্য মুখ্যমন্ত্ৰীৰ।

দুৰ্ঘটনাৰ পিছত এনেদৰেই এতিয়া ৰাজনৈতিক নেতা আগবঢ়াইছে নিজা নিজা বিশ্লেষণ। তদন্তৰ খাতিৰত হয়তো কৰা হ’ব তদন্তও। কিন্তু বাস্তৱত তাৰ কিবা সুফল লাভ কৰিবনে ৰাইজে। এখনৰ গাঁওৰ প্ৰতিটো চুবুৰীলৈ আজি যি দুৰ্দশা নামিল তেনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত হ’বনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...