অগ্নিগৰ্ভা আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰিস্থিতি

অগ্নিগৰ্ভা আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পৰিস্থিতি
আৰক্ষীৰ গাড়ী-বাছ-ট্ৰাম জ্বলাই দিলে ক্ষুব্ধ জনতাই
বহু প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী লুণ্ঠন উন্মত্ত লোকৰ
৩টি শিশুসহ দুগৰাকী মহিলাক ছুৰিকাঘাতৰ পিছতে জ্বলি উঠিল ডাবলিন
প্ৰব্ৰজনকাৰীয়ে ছুৰিকাঘাতৰ কাণ্ড কৰাৰ সন্দেহ


ঘোৰ সোঁপন্থী মতাদৰ্শৰ লোকে চলোৱা তাণ্ডৱত এতিয়া জ্বলিছে আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিন। উন্মত্ত জনতাই ইতিমধ্যে আৰক্ষীৰ গাড়ীৰ লগতে ৰাজহুৱা পৰিবহণৰ বাছ-ট্ৰাম আদি জ্বলাই ভস্মীভূত কৰিছে। ক্ষুব্ধ লোকে আক্ৰমণ কৰিছে চৰকাৰী কাৰ্যালয়ত। একাংশই আকৌ আক্ৰমণ কৰি লুটি নিলে বিভিন্ন দোকান-পোহাৰ। সমগ্ৰ ডাবলিনত এতিয়া হাহাকাৰজনক পৰিস্থিতি।

ডাবলিনৰ এখন স্কুলৰ সন্মুখত সংঘটিত হৈছিল চুৰিকাঘাতৰ ঘটনা
চুৰিকাঘাতত গুৰুতৰভাৱে আহত ৫ বছৰীয়া ছাত্ৰী, ৩০ বছৰীয়া শিক্ষয়িত্ৰী
প্ৰব্ৰজনকাৰী লোকে এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ


বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত এই ঘটনাৰ পিছতে ক্ষুব্ধ লোক ওলাই আহে ৰাস্তালৈ। আৰক্ষীৰ মতে এটা সোঁপন্থী মতাদৰ্শৰ এদল লোকে ঘটনাস্থলীত প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ পিছতে উক্ত ঘটনাৰ সূত্ৰপাত হয়। হঠাৎ উন্মত্ত হৈ পৰা দলটোৱে আৰক্ষীৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ৰে’ল-বাছ-ট্ৰাম আদিত আক্ৰমণ কৰা পৰিলক্ষিত হয়। এফালৰ পৰা জ্বলাই দিয়ে কেইবাটাও চৰকাৰী কাৰ্যালয়।

শেহতীয়াকৈ আয়াৰলেণ্ডৰ পৰিস্থিতি ক্ৰমাৎ শান্ত হৈছে
আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে আৰক্ষীয়ে
এতিয়াও অব্যাহত আছে কণমানি ছাত্ৰী আক্ৰমণকাৰীৰ বিৰুদ্ধে ক্ষোভ


পলাতক আক্ৰমণকাৰীক ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই কাৰ্যৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন জড়িত আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...