শনি আৰু দেওবাৰেও খোলা থাকিব ৰাজ্যৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়। কৰ সংগ্ৰহ আৰু বকেয়া আদায়ৰ বাবে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় খোলা ৰখাৰ সিদ্ধান্ত বিভাগটোৰ। ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে বিভাগটোৱে। শনি আৰু দেওবাৰে চৰকাৰী বন্ধৰ দিন আছিল যদিও কৰ সংগ্ৰহ আৰু বকেয়া আদায়ৰ বাবে খোলা থাকিব।