আলফা চুক্তিৰ পিছতে আলফা (স্বাঃ)ৰ কেম্পত ড্ৰোণ আক্ৰমণ

এফালে নতুন দিল্লীত আলফাৰ সৈতে আনুষ্ঠানিক শান্তি চুক্তি আৰু আনফালে চুক্তিৰ মাত্ৰ ৯ দিন পিছতে আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ড্ৰোনেৰে আক্ৰমণ। আলফা স্বাধীনৰ হাছি কেম্পৰ নিলগৰ এটা সৰু নীৰিক্ষণ কেম্পত দেওবাৰে বিয়লি ভাগত হয় এই ড্ৰোণ আক্ৰমণ। অৰুণাচল প্ৰদেশৰ সীমান্তৰ দিশৰ পৰা কৰা এই আক্ৰমণৰ ঘটনাত আহত হয় আলফা স্বাধীনৰ দুজনকৈ কেডাৰ। সোমবাৰে পুৱা NKTVলৈ আলফা (স্বাঃ)ই প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত সংগঠনটোৰ অভিযোগ- ভাৰতীয় সেনাই চলাইছিল এই ড্ৰোণ আক্ৰমণ। এই আক্ৰমণে আলফা স্বাধীনৰ কেডাৰক বিচলিত কৰিব নোৱাৰে বুলিও বিবৃতিটোত উল্লেখ সংগঠনটোৰ।

আলফা (স্বাঃ)ক আক্ৰমণ
আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত ড্ৰোন আক্ৰমণ
দেওবাৰে বিয়লি ৪ বাজি ১০ মিনিটত প্ৰথমটো আক্ৰমণ
৪ বাজি ১২ মিনিটত দ্বিতীয়টো আক্ৰমণ
বিয়লি ৪ বাজি ২০ মিনিটত তৃতীয়টো আক্ৰমণৰ ঘটনা

এফালে সুদীৰ্ঘ ১৪ বছৰীয়া আলোচনাৰ অন্তত আলফাৰে আনুষ্ঠানিক শান্তি চুক্তি চৰকাৰৰ। আৰু আনফালে পৰেশ বৰুৱাৰ আলফা স্বাধীনৰ ম্যানমাৰৰ ভ্ৰাম্যমান শিবিৰত ড্ৰোন আক্ৰমণ। প্ৰথম দুটা আক্ৰমণৰ ঘটনাত আহত হয় আলফা (স্বাঃ)ৰ দুজনকৈ কেডাৰ। কিন্তু তৃতীয়টো আক্ৰমণৰ চেষ্টা ব্যৰ্থ হয়। আক্ৰমণ হোৱা সৰু নিৰীক্ষণ শিবিৰৰ নিলগতে আছিল আলফা (স্বাঃ)ৰ মূল হাছি শিবিৰ। মূল শিবিৰত আছিল সংগঠনটোৰ প্ৰায় ৫০ জন সশস্ত্ৰ কেডাৰ।

দেওবাৰে বিয়লি হোৱা এই অতৰ্কিত আক্ৰমণৰ ঘটনাত হতভম্ভ আলফা স্বাধীনে সোমবাৰে পুৱাই সংবাদ মাধ্যমলৈ ই-মেইল যোগে প্ৰেৰণ কৰিলে প্ৰেছ বিবৃতি। আক্ৰমণৰ ঘটনাৰ বাবে ভাৰতীয় সেনাক দোষাৰোপ প্ৰচাৰ সচিব ৰুমেল অসমৰ। বিবৃতিতেই সংগঠনটোৱে স্পষ্ট কৰিলে এনে আক্ৰমণে লক্ষ্যৰ পৰা বিচলিত কৰিব নোৱাৰে আলফা স্বাধীনক। ৰাষ্ট্ৰ যন্ত্ৰই সেই কথা ভাৱি আকাশত চাং পতা বুলিও উল্লেখ বিবৃতিটোত।

সোমবাৰে বিয়লি NKTVৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰাঞ্জল প্ৰতীম ভূঞাৰ সৈতে টেলিফোনিক বাৰ্তালাপ আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ অসমৰ।

প্ৰাঞ্জলঃ মহাশয়, কালি কেইবজাত হৈছিল আক্ৰমণ? আপোনালোকৰ কিমানজন কেডাৰ আহত হয়?

বৰুৱাঃ কালি ভাৰতীয় দখলদাৰী বাহিনীয়ে আমাৰ ওপৰত যিটো সামৰিক অভিযান চলাইছিল, তাৰ সময়টো হৈছে.. ৪ বাজি ১০ মিনিটত প্ৰথমটো আক্ৰমণ। দ্বিতীয়টো হৈছে ৪ বাজি ১২ মিনিটত। ৪ বাজি ২০ মিনিটত তৃতীয়টো আক্ৰমণ হৈছিল। প্ৰথম দুটা বিস্ফোৰিত হৈছিল। কিন্তু ৪ বাজি ২০ মিনিটত হোৱা তৃতীয়টো ড্ৰোণ আক্ৰমণ বিস্ফোৰিত নহ’ল। প্ৰৰথম দুটা আক্ৰমণৰ ঘটনাতে আমাৰ দুজন কেডাৰ আহত হৈছে।

প্ৰাঞ্জলঃ প্ৰথমবাৰৰ বাবে আপোনালোকৰ ওপৰত এনে আক্ৰমণ হোৱা বুলি দাবী কৰা হৈছে। কি কাৰণত এই আক্ৰমণ তাৰ ওপৰত কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নেকি?

বৰুৱাঃ মন্তব্য মানে.. আমাৰ বোধেৰে এই আক্ৰমণ পৰীক্ষামূলক আছিল। আৰু আমাক ভাবুকি বুলি ভবাৰ দৰে.. আমাক এটা ভাবুকি দিব বিচাৰিছে। মানে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে যদি ভৱিষ্যতে আৰু কিবা কিবি কৰে, তেন্তে ইয়াতকৈও ভয়ানক আক্ৰমণ হ’ব পাৰে বুলি দখলদাৰী বাহিনীয়ে এটা বাৰ্তা দিব বিচাৰিছে আমাক। কিন্তু এয়া সম্ভৱ নহয়।

মন কৰিবলগীয়া যে, নতুন দিল্লীত আলফাৰে স্বাক্ষৰিত হোৱা ঐতিহাসিক শান্তি চুক্তিৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাৰ সৈতেও আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেওবাৰে আলফা স্বাধীনৰ শিবিৰত হোৱা এই ড্ৰোন আক্ৰমণৰ ঘটনাৰ পিছত ধূঃসৰ হৈ পৰিল পৰেশ বৰুৱা আৰু চৰকাৰৰ সাম্ভাব্য আলোচনা প্ৰক্ৰিয়া।

প্ৰাঞ্জলঃ মহোদয়, এটা গোটে ইতিমধ্যেই চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে, আৰু সেই সময়তে মুখ্যমন্ত্ৰীয়ে আপোনাকে শান্তিৰ পথলৈ আহিবলৈ আহ্বান জনাইছিল। কিন্তু তেনে সময়তে হোৱা এই আক্ৰমণক কি হিচাপে ল’ব অসমবাসীয়ে?

বৰুৱাঃ এইটো তেওঁলোকৰ এটা ডিজাইনড ম’ডেল। আগতেও তেওঁলোকে সন্ত্ৰাস সৃষ্টি কৰি, ভয়ত পেপুৱা লগাই এটা গোটক আলোচনাত বহুৱাইছিল বুলি মই ভাবো। কিন্তু ভাৰতীয় দখলদাৰী বাহিনীয়ে কেতিয়াও সন্মানপূৰ্বক আলোচনাৰ পোষকতা নকৰে। এতিয়াও নকৰে, ভৱিষ্যতেও নকৰে আৰু পূৰ্বেও কৰা নাছিল। সম্পূৰ্ণ সত্য কথা এইটোৱেই।

আলফা (স্বাঃ)ৰ ম্যানমাৰৰ হাছি কেম্পৰ নিলগৰ এটা সৰু শিবিৰত চলা এই ড্ৰোন আক্ৰমণৰ ঘটনা ভাৰতীয় সেনাৰ কাম বুলি সংগঠনটোৱে দাবী কৰিছে যদিও এই সন্দৰ্ভত সেনাৰ তৰফৰ পৰা আনুষ্ঠানিক ভাবে এই পৰ্যন্ত অহা নাই কোনো প্ৰতিক্ৰিয়া।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...