লাওপানী খালে নহয় কৰ’না!

গুৱাহাটী, ১০ জুলাই, NKTV: জামুগুৰিহাটত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আগবঢ়ালে কৰ’নাৰ পৰা ৰক্ষা পৰাৰ উপায়। কৰ’না মহামাৰীৰ বাবে তেওঁ হেনো বহুত কষ্টৰ সম্মুখীন হ’বলগীয়া হৈছে। সন্ধিয়া সময়ত কঁপি উঠে ব্যক্তিজনৰ সৰ্বশৰীৰ। পিছে কৰ’নাৰ ভয়ত নহয়। কৰ’নাই তেওঁক আক্ৰমণ কৰিব নোৱাৰে। তেওঁ হাবাথুৰি খাইছে সুৰা বিচাৰিহে। উপায়হীন হৈ লাওপানী ঘাটিত উপস্থিত হৈছে তেওঁ। পিছে ঘাটিটোত চলিল আৰক্ষীৰ অতৰ্কিত অভিযান। লাওপানী খালে কৰ’না নহয় বুলি আৰক্ষীলৈ আগবঢ়ালে স্বাস্থ্যসন্মত সমিধান।

সান্ধ্য আইনৰ বাবে সোনকালেই বন্ধ হৈ পৰে ৰাজ্যৰ ৱাইন শ্ব’পসমূহ ৷ সেয়েহে চুলাইৰ ঘাটিত লাগিছে ভিৰ ৷ চুলাই ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ মন্ত্ৰী পিযুষ হাজৰিকাই তিনি দিনৰ ভিতৰত বিশ্বনাথ আৰু শোণিতপুৰ জিলাত থকা অবৈধ চুলাই ঘাটি সমূহ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই অভিযানত নামি পৰিছে আৰক্ষী আৰু আৱকাৰী বিভাগ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন গাঁৱত চলোৱা অভিযানত আৰক্ষীয়ে ধ্বংস কৰিছে এটা চুলাই মদৰ ঘাটি৷ আৰক্ষীক দেখি ঘাটিত থকা একাংশ লোকে পলায়ন কৰিলে যদিও লাওপানী বিচাৰি অহা এজন ওলালহি আৰক্ষী আৰু সাংবাদিকৰ সন্মুখত ৷ লাওপানী নাপালে বোলে কঁপি উঠে ব্যক্তিজনৰ শৰীৰ। সান্ধ্য আইন সেয়ে ৱাইন শ্ব’পো বন্ধ। গতিকে লাওপানী বিচাৰি ঘাটীত উপস্থিত হৈছিল তেওঁ। ক’ভিড নীতি উলংঘা কৰি সুৰামত্ত অৱস্থাত থকা এইজনৰ মতে লাওপানী খালে হেনো নহয় কৰ’না। লাওপানী হৈছে কৰ’নাৰ মহৌষধ ৷ চুলাইৰ ঘাটীত আৰক্ষীৰ সন্মুখতে এনেদৰে ক’লে জামুগুৰিহাটৰ লোকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...