ডলী চাইৱালা WINDOWS 12ৰ ব্ৰেণ্ড এম্বেছাদৰ! সবিশেষ

ডলী চাইৱালাৰ কথা এতিয়া সৰ্বজনবিদিত। বিল গেটছৰ সৈতে তেওঁৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা ডলী চাইৱালাৰ কথা সমগ্ৰ পৃথিৱীতে চৰ্চিত হৈছে। ছ’চিয়েল মিডিয়াই তেওঁক কন্টেন্ট ক্ৰিয়েটৰ হিচাপে চিনাকি কৰি দিলেও শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰ অনুসৰি তেওঁক উইণ্ড’জ ১২ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে দায়িত্ব দিয়া হৈছে। এই খবৰে বৰ্তমান ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে।

ব্যংগ বাতৰিৰ বাবে পৰিচিত ‘বিন্দু টাইমছ’ৰ ইনষ্টাগ্ৰামত এটা পোষ্টত ঘোষণা কৰা হৈছে যে, “ডলী চাইৱালাক উইণ্ড’জ ১২ৰ ব্ৰেণ্ড এম্বেছাদৰ বনালে।” কিন্তু প্ৰকৃততে, মাইক্ৰ’ছফটে উইণ্ড’জ ১২ মুকলি কৰাৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই। হয়তো, ২০২৪ চনৰ শেষৰ ফালে বা ২০২৫ চনৰ আৰম্ভণিৰ কোনোবা এটা সময়ত মুকলি হ’ব পাৰে মাইক্ৰ’ছফটৰ উইণ্ড’জ ১২। ব্যৱসায়িক জগতত এনে খবৰ সাধাৰণতে ধুমধামেৰে আহে।
যদিও মাইক্ৰ’ছফ্ট বা বিল গেটছেও এই সন্দৰ্ভত এষাৰো বাক্য উচ্চাৰণ কৰা নাই। গতিকে, বিন্দু টাইমছৰ খবৰটো নিশ্চিতভাৱে কেৱল হাঁহিৰ বাবে।

NKTV Digital
Author: NKTV Digital

6 COMMENTS

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...