উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিও ৰক্ষা নহ’ল বাবা ৰামদেৱৰ

উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিও ৰক্ষা নহ’ল যোগগুৰু বাবা ৰামদেৱৰ। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত মঙলবাৰে এনে ভুলৰ পুনৰাবৃত্তি নহয় বুলি শপতনামা দাখিল কৰি ৰামদেৱে ক্ষমা বিচাৰে যদিও বুধবাৰে উচ্চতম ন্যায়ালয়ে এই শপতনামা খাৰিজ কৰি ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণক ভৰ্ৎসনা কৰে।

উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিও ৰক্ষা নহ’ল বাবা ৰামদেৱৰ
বিজ্ঞাপন গোচৰত এনে ভুলৰ পুৰনাবৃত্তি নহয় বুলি শপতনামা
এই শপতনামা খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে
‘আমি অন্ধ নহয়’
‘আমি ইমান উদাৰো হ’ব নোখোজো’
‘এনে ভুলৰ পুনৰাবৃত্তি নহয়’
‘ৰামদেৱৰ এই ক্ষমা প্ৰাৰ্থনা কেৱল কাগজে-কলমেহে’
‘ইয়াক ন্যায়ালয়ে গ্ৰহণ নকৰে’

‘পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন ইচ্ছাকৃতভাৱে নিয়মৰ উলংঘন’
পতঞ্জলিৰ বিজ্ঞাপনক লৈ চকু বন্ধ কৰি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে
চিকিৎসা পদ্ধতি বাছনিৰ ক্ষেত্ৰত নাগৰিকৰ নিজস্ব অধিকাৰ আছে
এল’পেথি নে আয়ুৰ্বেদ চিকিৎসা গ্ৰহণ কৰিব সেয়া নিজৰ সিদ্ধান্ত

‘আমি অন্ধ নহয়’। ‘আমি ইমান উদাৰো হ’ব নোখোজো’। যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত দ্বিতীয়বাৰলৈ ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণৰ শপতনামা খাৰিজ কৰি বুধবাৰে তীব্ৰ ভৰ্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি ৰামদেৱে আশ্বাস দিছিল–
‘এনে ভুলৰ পুনৰাবৃত্তি নহয়’। কিন্তু ন্যায়ালয়ত ক্ষমা বিচাৰিও ৰক্ষা নাপালে যোগগুৰু বাবা ৰামদেৱ। সৰ্বোচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বুধবাৰে স্পষ্ট কৰি দিয়ে– ‘ৰামদেৱৰ এই ক্ষমা প্ৰাৰ্থনা কেৱল কাগজে-কলমেহে’। ‘ইয়াক ন্যায়ালয়ে গ্ৰহণ নকৰে’। ‘পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন ইচ্ছাকৃতভাৱে নিয়মৰ উলংঘন’।

সৰ্বোচ্চ ন্যায়ালয়ে লগতে প্ৰকাশ কৰে যে ৰামদেৱ আৰু বালকৃষ্ণই শপতনামা উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ পৰিৱৰ্তে সংবাদমাধ্যমকহে দিছিল। ইয়াৰ জৰিয়তে পতঞ্জলিৰ প্ৰকৃত উদ্দেশ্যৰ বিষয়ে প্ৰকাশ পাইছে বুলি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সম্পৰ্কত প্ৰথমে অভিযোগ লাভ কৰিছিল উত্তৰাখণ্ড চৰকাৰে। অভিযোগ পোৱাৰ পিছতো উত্তৰাখণ্ডৰ সংশ্লিষ্ট বিভাগে কেৱল সতৰ্ক কৰিয়ে এৰি দিছিল পতঞ্জলিক। ইয়াৰ বাবে উত্তৰাখণ্ড চৰকাৰকো সকীয়নি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

ইপিনে, পতঞ্জলিৰ বিজ্ঞাপনক লৈ চকু বন্ধ কৰি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ প্ৰত্যুত্তৰ বুধবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে চিকিৎসা পদ্ধতি বাচনিৰ ক্ষেত্ৰত নাগৰিকৰ নিজস্ব অধিকাৰ আছে। এল’পেথি নে আয়ুৰ্বেদ চিকিৎসা গ্ৰহণ কৰিব সেয়া নিজৰ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাতো অসন্তুষ্টি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ পূৰ্বে একাধিকবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে ৰামদেৱৰ পতঞ্জলি। যোৱা নৱেম্বৰত ভুৱা তথ্য বা বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰিলে ১ কোটি টকা জৰিমনা আদায় দিব লাগিব বুলি পতঞ্জলিক সকীয়াই দিছিল উচ্চতম ন্যায়ালয়ে।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...