হীৰেন শৰ্মা
মাজ আকাশত তেতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতি। ফ্লাইডুবাই বিমানখনৰ ককপিটত ৰক্তাক্ত অৱস্থাত পৰি আছিল ভাৰতীয় পাইলট স্মিত মচ্চৰ। কো-পাইলটৰ আক্ৰমণত ক্ষত বিক্ষত হৈ পৰিছিল হাত। সেই অৱস্থাতো যাত্ৰীৰ প্ৰাণ ৰক্ষা বাবে স্মিতে সৰ্বশক্তি প্ৰয়োগ কৰি খুলি দিছিল ককপিটৰ দুৱাৰখন। আৰু সেই মুহূৰ্তত স্মিতৰ প্ৰাণ ৰক্ষা কৰিবলৈ ভগৱানৰ দূত হিচাপে ককপিটলৈ সোমাই গৈছিল বিমানখনৰ এজন চিকিৎসক যাত্ৰী। মৃত্যুকাতৰ যন্ত্ৰণা আৰু ৰক্তক্ষৰণৰ বাবে বাৰে বাৰে অচেতন হৈ পৰিছিল পাইলট জন। পৰ্যাপ্ত চিকিৎসা সৰঞ্জাম অবিহনেই প্ৰাথমিক চিকিৎসাৰ জৰিয়তে স্মিতৰ প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল দন্ত চিকিৎসক ছোটা মোছায়েভে। এইগৰাকী চিকিৎসকৰ ৪৫ মিনিটজোৰা চেষ্টাৰ বাবেই প্ৰাণ ৰক্ষা পৰিছিল পাইলট স্মিত আৰু বিমানখনৰ প্ৰায় দুশ যাত্ৰীৰ। দিনটোৰ ভয়ংকৰ পৰিস্থিতি সুঁৱৰি আজিও শিহৰিত হৈ পৰে চিকিৎসকগৰাকী। ডাঃ ছোটা মোছায়েভে ঘটনাৰ বিৱৰণ দি কয় – ‘এটা সময়ত এনেকুৱা লাগিছিল, এতিয়াই বিমান খন লেণ্ড কৰাব লাগিব, নহ’লে আমি তেওঁক হেৰুৱাম।’ পাইলটজনৰ মূৰ আৰু শৰীৰৰ পৰা প্ৰচণ্ড ৰক্তক্ষৰণ হৈছিল। তেজ বন্ধ কৰাৰ বাবে এটা চোলাৰে হাতত বান্ধি ৰাখিছিল চিকিৎসকজনে। ক্ৰু মেম্বাৰৰ পৰা বৰফ লৈ মূৰৰ কাটা অংশত দিছিল ডা:মোছায়েভে। ক্ৰু মেম্বাৰে পাইলটজনক পেইন কিলাৰ খোৱাব বিচাৰিছিল যদিও ডা:মোছায়েভে বিপদৰ আশংকাত ঔষধ খুৱাবলৈ দিয়া নাছিল। স্মিতে চিকিৎসকজনক উদ্দেশ্যি কৈছিল -‘মোক সহায় কৰক। মই জীয়াই থাকিব বিচাৰো। মই ইয়াত মৰিব নিবিচাৰো।’ চিকিৎসকজনৰ উত্তৰ আছিল -‘ ভয় নকৰিব, আপুনি আপোনাৰ পৰিয়ালৰ ওচৰলৈ ঘূৰি যাব পাৰিব। আমি সোনকালেই লেণ্ড কৰিম।’ ওঠ দুখন নীলা হৈ পৰাৰ লগতে স্মিত বাৰে বাৰে অচেতন হৈ পৰাত চিন্তিত হৈ পৰিছিল চিকিৎসকজন। একেবাৰে বিপজ্জনকভাৱে কমি গৈছিল পালছ্ । পাইলটজনক প্ৰচণ্ড শক্তি যোগাই ভৰি কেইটা মোহাৰি গৰম কৰি ৰাখিব বিচাৰিছিল চিকিৎসকজনে। চিকিৎসকজনৰ পত্নীয়েও সহায় কৰিছিল তেওঁক। ককপিটতে নিজৰ পৰিচয় দিছিল স্মিতে। অৱশেষত নিৰাপদে লেণ্ড কৰিছিল বিমানখনে। এম্বুলেন্সত তোলাৰ সময়ত ডা: মোছায়েভে স্মিতক কাণে কাণে কৈছিল – শুভকামনা বন্ধু। সকলো ঠিক হৈ যাব। ডা:মোছায়েভৰ মতে- ‘স্মিতেই প্ৰকৃত হিৰো। এয়া হয়তো কৰ্মফল। তেওঁ আমাৰ জীৱন ৰক্ষা কৰিলে আৰু আমি তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলো।’
