জিলা কৃষি বিষয়াসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠক কৃষি মন্ত্ৰী পীযুষ হাজৰীকাৰ
কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ৰাজ্যৰ জিলা কৃষি বিষয়াসকলৰ সৈতে অসম প্ৰশাসনীয় পদাধিকাৰী মহবিদ্যালয়ত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ কৃষিখণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, চলি থকা কাম-কাজৰ অগ্ৰগতি আৰু ক্ষেত্ৰপৰ্যায়ৰ সমস্যাসমূহৰ বিস্তৃত পৰ্যালোচনা কৰা হয়।
বৈঠকত মন্ত্ৰী হাজৰীকাই বিশেষকৈ কৃষক পঞ্জীয়নৰ বৰ্তমান স্থিতি, ক্ষেত্ৰপৰ্যায়ত বিষয়াসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু চৰকাৰী ভূমিত কৃষিকাৰ্য কৰি থকা কৃষকসকলক পঞ্জীয়নৰ আওতালৈ অনাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ উল্লেখ কৰে যে ‘মিছন বসুন্ধৰা ৪.০’-এ খেতিয়কসকলৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কিন্তু এই ব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে বন অধিকাৰ আইনৰ (Forest Rights Act) অধীনস্থ ভূমি আৰু চৰকাৰী ভূমিত কৃষিকাৰ্য কৰি থকা কৃষকসকলক পঞ্জীয়নৰ সুযোগ প্ৰদান কৰাৰ ওপৰত বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিব। ইয়াৰ উপৰিও, আনৰ ভূমিত চুক্তিৰ ভিত্তিত খেতি কৰি থকা কৃষকসকলক ‘টেনেন্ট মডেল’ৰ (Tenant Model) জৰিয়তে পঞ্জীয়নৰ আওতালৈ অনাৰ বাবে তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

এতিয়ালৈকে তুলনামূলকভাৱে কম পঞ্জীয়ন সম্পন্ন কৰা জিলাসমূহৰ কৃষি বিষয়াসকলক অধিক সক্ৰিয়তা আৰু সমৰ্পিতভাৱে কাম কৰি পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে। ‘এনক্ৰ’চাৰ মডেল’ৰ (Encroacher Model) অধীনত কৃষক পঞ্জীয়নত হোৱা বিলম্বৰ কাৰণসমূহ পৰ্যালোচনা কৰি মন্ত্ৰী হাজৰীকাই স্পষ্ট ভাষাৰে কয়, “কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব আৰু কৰ্তব্যত অৱহেলা কৰা বিষয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”
ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযানৰ অধীনত ৰাজ্যত তৈল খেজুৰ খেতিৰ সম্প্ৰসাৰণৰ অগ্ৰগতি বৈঠকত পৰ্যালোচনা কৰা হয়। তৈল খেজুৰ খেতি সম্পৰ্কে কৃষকসকলৰ মাজত থকা অপপ্ৰচাৰ বা ভুল ধাৰণাবোৰ দূৰ কৰি ইয়াৰ পৰা হ’ব পৰা অৰ্থনৈতিক লাভালাভ আৰু সঠিক তথ্য প্ৰদান কৰি কৃষকসকলৰ কাষ চাপিবলৈ তেওঁ কৃষি বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত ৰাজ্যত মাখানা, মাকৈ আৰু মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি তথা উপযোগিতা সম্পৰ্কেও বিস্তৃত আলোচনা কৰা হয়।
মন্ত্ৰী হাজৰীকাই পুনৰ দোহাৰে যে চৰকাৰৰ বাবে কৃষকৰ স্বাৰ্থই সৰ্বোচ্চ। কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি উৎপাদন, বজাৰ সংযোগ আৰু আয় বৃদ্ধিলৈকে প্ৰতিটো দিশতে চৰকাৰী আঁচনিসমূহ যাতে প্ৰকৃত কৃষকৰ কাষ পায়গৈ, তাৰ বাবে কৃষি বিভাগে নিষ্ঠাৰে কাম কৰি যাব।
