চাকৰি বিচাৰি অহা যুৱতীক ‘গোপন অংগ’ত স্পৰ্শ

যুৱতীক ‘বেয়া’ স্পৰ্শ!
চাকৰি বিচাৰি অহা যুৱতীক ‘গোপন অংগ’ত স্পৰ্শ
আৰক্ষীৰ জালত লখিমপুৰৰ প্ৰসিদ্ধ চিকিৎসক

লখিমপুৰত প্ৰসূতি বিভাগৰ দক্ষ চিকিৎসক হিচাপে কম সময়ৰ ভিতৰতে সুনাম অৰ্জন কৰিছে ডাঃ অৰূপ দত্তই। লখিমপুৰৰ অৱনীশ হাস্পতালৰো স্বত্বাধিকাৰী ডাঃ অৰূপ দত্ত। লখিমপুৰ আৰু পাৰ্শৱৰ্তী অঞ্চলত IUI আৰু IVF চিকিৎসাৰ জৰিয়তে বহু সন্তানহীন দম্পতীক সন্তান উপহাৰ দি চিকিৎসক হিচাপে নিজৰ দক্ষতাৰ পৰিচয় দিছে ডাঃ অৰূপ দত্তই।

কিন্তু এটা বেয়া কামেই শেষ কৰি পেলালে ডাঃ অৰূপ দত্তৰ ভাল নাম
শেহতীয়াকৈ এগৰাকী যুৱতীয়ে চাকৰি বিচাৰি আহিছিল ডাঃ দত্তৰ ওচৰলৈ
চাকৰি নহ’ল, কিন্তু যুৱতীৰ ফালৰ পৰা আহিল এখন এজাহাৰ
ডাঃ অৰূপ দত্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩৫৪এ/৩৭৬/৫১১ ধাৰাত ৰুজু হ’ল গোচৰ

এজাহাৰকাৰী যুৱতীৰ অভিযোগ- চিকিৎসক ডাঃ অৰূপ দত্তই বায়’ডাটা দিবলৈ যাওঁতে বলপূৰ্বক স্পৰ্শ কৰিছিল তেওঁৰ গোপন অংগ। এই চাঞ্চল্যকৰ অভিযোগৰ পিছতে ডাঃ অৰূপ দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই ঘটনাই স্বাভাৱিকতে সমগ্ৰ লখিমপুৰত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। আইনী কাৰণতে ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য অথবা দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰো। কিন্তু ডাঃ অৰূপ দত্তৰ চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্ছে ক’লে- যুৱতীগৰাকীৰ এই অভিযোগ ভুৱা আৰু উদ্দেশ্যপ্ৰণোদিত। কাৰোবাৰ প্ৰৰোচনাত অনা হৈছে এই অভিযোগ।

যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ অৰূপ দত্তৰ মাতৃ আৰু পত্নীয়েও স্বাভাবিকতেই অস্বীকাৰ কৰিছে এই অভিযোগ। ডাঃ দত্তৰ মাতৃ-পত্নীৰ মতে এয়া ষড়যন্ত্ৰ।

তাৰ মাজতে শনিবাৰে লখিমপুৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় অভিযুক্ত চিকিৎসক ডাঃ অৰূপ দত্তক। আৰক্ষীৰ সন্মুখত যুৱতীগৰাকীৰ অভিযোগ পোনচাটেই নাকচ কৰিছে চিকিৎসকগৰাকীয়ে। ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। যুৱতীগৰাকী ডাঃ অৰূপ দত্তৰ কক্ষত সোমোৱাৰ সময়ত আন কোনো লোক আছিল নে নাই তাৰো সত্যাসত্য পৰীক্ষা কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...