বিদেশত বিহুৰ আনন্দ!

অচিন্ত্য শৰ্মাৰ প্ৰতিবেদন:

মুছলিম সংখ্য়াগৰিষ্ঠ ৰাষ্ট্ৰ বাংলাদেশৰ সংখ্য়ালঘু হিন্দুৰ মাজত এতিয়া যেন চলিছে উৎসৱৰ বতৰ। দেশখনৰ বান্দৰবান, খাগড়াছড়ি, ৰঙামাটি আৰু চট্ৰগ্ৰাম পাহাৰীয়া জনজাতীয় জনগেষ্ঠিসমূহে আৰম্ভ কৰিছে সামাজিক,সংস্কৃতিক তথা ধৰ্মীয় বৈসাবি উৎসৱ। হিন্দু নববৰ্ষৰ শেষৰ দিনা চাকমাসকলে ফুল বিজু , ত্ৰিপুৰীসকলে হঁৰিবসু আৰু মাৰমা সম্প্ৰদায়ৰ লোকসকলে নিজস্ব ফুলবিহু বা সূচিকাজ উৎসৱ পালন কৰে।

এই বিজু উৎসৱৰ মাজৰে তেওঁলোকে ফুলৰ নৈবদ্য় আগবঢ়ায় গংগা দেবীক উদ্দেশ্য় কৰি । আনহাতে চাকমাসকলেএনেদৰে ফুলৰ নৈবদ্য়ৰে নদী মাতৃক পূজা কৰে চেংগী নদীত। চেংগী নদীৰ উপকণ্ঠত বাস নকৰা জনজাতিসকলে নিকটৱৰ্তী অন্য়ান্য় প্ৰাকৃতিক জলাশয়তে ফুলেৰে পূজা কৰে । যাৰ ফলত প্ৰতিটো খাল বিলেই ফুলেৰে উপচি পৰা দেখা যায়।সেই পানীত নামি আনন্দ কৰে সৰু বৰ সকলে ।ইয়াৰ পিছতেই ত্ৰিপুৰীসকলে আৰম্ভ কৰে বৈসু আৰু সংগ্ৰাই উৎসৱ।

এই উৎসৱৰ অন্য়তম আকৰ্ষণ হৈছে গৰয়া নৃত্য়। ইফালে একেসময়তে মাৰমাসকলে পালন কৰে আমন্ত্ৰণ জনোৱা পানী উৎসৱ।এই উৎসৱৰ অংগ হিচাপে ১৬ এপ্ৰিলত চলিব তেওঁলোকৰ সামূহিক জলকেলি। বিগত দুই বছৰ ধৰি কোভিডৰ বিভীষিকাই স্তব্ধ ৰাখিছিল এনেবোৰ উৎসৱৰ আনন্দ। এইবাৰ কোভিডমুক্ত পৰিৱেশৰ মাজত মানুহে যেন মুকলিকৈ উশাহ লৈছে ,উৎসৱসমূহৰ মাজলৈকে যসেন উভতি আহিছে পূৰ্বৰ ৰং। বাংলাদেশৰ এইকেইদিনৰ পৰিৱেশতো তাৰেই প্ৰতিফলন ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...