‘RCB য়ে IPL ট্ৰফী জয় নকৰালৈকে মই বিয়া নকৰো’!

এগৰাকী মহিলাৰ ইতিবাচক বেনাৰে খলকনি তুলিছে ছ’ছিয়েল মিডিয়াত।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ মন পৰশা বেনাৰবোৰে সকলোৰে মনযোগ আকৰ্ষণ কৰে। এজন পুৰুষৰ চাকৰি এৰি দিয়া প্লেকাৰ্ডৰ পিছত,এজনী ছোৱালী,এই খেলখনত গেলেৰীত এখন ফেন্সি বেনাৰৰ সৈতে ভাইৰেল হৈছিল। তেওঁৰ বেনাৰত লিখা আছিল “RCBয়ে IPL জয় নকৰালৈকে মই বিয়া নকৰো!”খেলখনৰ সময়ত দৃশ্যটো টিভিত দেখুওৱাৰ লগে লগে অনুৰাগীজনী ভাইৰেল হৈ পৰিছিল।


চেন্নাই চুপাৰ কিংছে (CSK) মঙলবাৰে মুম্বাইত বেংগালুৰুৰ দলৰ সৈতে যুঁজ দিয়াৰ সময়ত,খেলখনত বহুতো আকৰ্ষণীয় মুহূৰ্ত সৃষ্টি হৈছিল, যিয়ে অনুৰাগীসকলক পৰ্দাত আকৰ্ষিত কৰি ৰাখিছিল,বিশেষকৈ অম্বাতি ৰায়াডুৰ এক হাতেৰে আশ্চৰ্যকৰ কেচ ধৰি আকাশ দীপক শূন্য ৰাণত বিদায় ল’বলৈ বাধ্য কৰোৱা দৃশ্য়টো আছিল অনবদ্য। অৱশ্যে,খেলপথাৰত কৰা কাৰ্য্যৰ বাহিৰেও,এগৰাকী মহিলাৰ হাতত থকা এখন বেনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। “RCBয়ে IPL ট্ৰফী জয় নকৰালৈকে বিয়া নকৰো” অনুৰাগীজনীক ষ্টেণ্ডৰ পৰা বেনাৰখন ধৰি থকা দেখা গৈছিল যিটো টিভিৰ পৰ্দাত একাধিকবাৰ ফ্লেছ হৈছিল। অনুৰাগীৰজনীৰ এনে কাণ্ড দেখি অনলাইনত হাঁহি আৰু সহানুভূতি আৰম্ভ হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...