বিদেশত বিহুৰ আনন্দ!

অচিন্ত্য শৰ্মাৰ প্ৰতিবেদন:

মুছলিম সংখ্য়াগৰিষ্ঠ ৰাষ্ট্ৰ বাংলাদেশৰ সংখ্য়ালঘু হিন্দুৰ মাজত এতিয়া যেন চলিছে উৎসৱৰ বতৰ। দেশখনৰ বান্দৰবান, খাগড়াছড়ি, ৰঙামাটি আৰু চট্ৰগ্ৰাম পাহাৰীয়া জনজাতীয় জনগেষ্ঠিসমূহে আৰম্ভ কৰিছে সামাজিক,সংস্কৃতিক তথা ধৰ্মীয় বৈসাবি উৎসৱ। হিন্দু নববৰ্ষৰ শেষৰ দিনা চাকমাসকলে ফুল বিজু , ত্ৰিপুৰীসকলে হঁৰিবসু আৰু মাৰমা সম্প্ৰদায়ৰ লোকসকলে নিজস্ব ফুলবিহু বা সূচিকাজ উৎসৱ পালন কৰে।

এই বিজু উৎসৱৰ মাজৰে তেওঁলোকে ফুলৰ নৈবদ্য় আগবঢ়ায় গংগা দেবীক উদ্দেশ্য় কৰি । আনহাতে চাকমাসকলেএনেদৰে ফুলৰ নৈবদ্য়ৰে নদী মাতৃক পূজা কৰে চেংগী নদীত। চেংগী নদীৰ উপকণ্ঠত বাস নকৰা জনজাতিসকলে নিকটৱৰ্তী অন্য়ান্য় প্ৰাকৃতিক জলাশয়তে ফুলেৰে পূজা কৰে । যাৰ ফলত প্ৰতিটো খাল বিলেই ফুলেৰে উপচি পৰা দেখা যায়।সেই পানীত নামি আনন্দ কৰে সৰু বৰ সকলে ।ইয়াৰ পিছতেই ত্ৰিপুৰীসকলে আৰম্ভ কৰে বৈসু আৰু সংগ্ৰাই উৎসৱ।

এই উৎসৱৰ অন্য়তম আকৰ্ষণ হৈছে গৰয়া নৃত্য়। ইফালে একেসময়তে মাৰমাসকলে পালন কৰে আমন্ত্ৰণ জনোৱা পানী উৎসৱ।এই উৎসৱৰ অংগ হিচাপে ১৬ এপ্ৰিলত চলিব তেওঁলোকৰ সামূহিক জলকেলি। বিগত দুই বছৰ ধৰি কোভিডৰ বিভীষিকাই স্তব্ধ ৰাখিছিল এনেবোৰ উৎসৱৰ আনন্দ। এইবাৰ কোভিডমুক্ত পৰিৱেশৰ মাজত মানুহে যেন মুকলিকৈ উশাহ লৈছে ,উৎসৱসমূহৰ মাজলৈকে যসেন উভতি আহিছে পূৰ্বৰ ৰং। বাংলাদেশৰ এইকেইদিনৰ পৰিৱেশতো তাৰেই প্ৰতিফলন ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...