আপোনাৰ মেদবহুলতা দূৰ কৰাৰ কেইটামান সহজ উপায়

0 2,069

শৰীৰ সুস্থ থাকিলে মন ভাল থাকে। মন ভাল থাকিলে নিজৰ কৰ্মত একাম্ত মনোযোগ দিব পাৰে। এটা সুস্থ শৰীৰতহে এজন ব্যক্তিৰ সক্ষমতা দীৰ্ঘস্থায়ী হয়। গতিকে, এটা সুস্থ আৰু সুঠাম শৰীৰ আমাৰ সকলোৰে কাম্য। কিন্তু আজিৰ এই যান্ত্ৰিক যুগটোক সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু বিজ্ঞানৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনে ক্ৰমান্বয়ে মানৱ জাতিটোৰ শাৰীৰিক পৰিশ্ৰম বহু পৰিমাণে লাঘৱ কৰিছে। লগতে বিভিন্ন খাদ্যৰ বাবে বহু লোকে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ পৰিলক্ষিত হৈছে। কৰ্ম ব্যস্ততাৰ ফলত লোক সকলোৱে শাৰীৰিক
পৰিশ্ৰমৰ কৰাৰ পৰা দূৰত আছে। এই সময়ত আমাৰ দৈনিক কৰ্মৰ মাজতে কিছু সময় উলিয়াই শৰীৰ চৰ্চা কৰাতো অত্যান্ত প্ৰয়োজন হৈ পৰিছে।

Yoga for Health Beauty, Immunity - Northlines

একে স্থানতে থাকি লাহে লাহে দৌৰিবলৈ চেষ্টা কৰক। যদি এনেদৰে দৌৰিবলৈ চেষ্টা কৰক। যদি এনেদৰে দৌৰিবলৈ অসুবিধা পাইছে, তেন্তে একে স্থানতে থাকি কোচকাৱাছ কৰক। অন্ততঃ এশবাৰ এনেদৰে দৌৰিবলৈ বা কোচকাৱাছ কৰিবলৈ যত্ন কৰক।

একে ঠাইতে দৌৰা আৰু কোচকাৱাছ কৰাৰ পিছত যেতিয়া আপুনি ঘামিবলৈ ল’ব, তেতিয়া মজিয়াত ওভোটাকৈ পৰি লাহে লাহে কমেও দহবাৰ পোছ-আপ কৰিবলৈ লওঁক।

দহবাৰ পোছ-আপ কৰাৰ পিছত পুনৰ এশবাৰ দৌৰিবলৈ বা কোচকৱাছ কৰিবলৈ যত্ন কৰক। এইবাৰ যদি সম্ভৱ তেন্তে আগতকৈ অলপ খৰকৈ দৌৰিবলৈ বা কোচকাৱাছ কৰিবলৈ যত্ন কৰক।

পোছ-আপ দহবাৰ সম্পূৰ্ণ কৰাৰ পিছত মজিয়াত বহি দুয়োখন ভৰি সমান্তৰাল অৱস্থাত ৰাখক। তাৰ পিছত এটা দীঘলীয়া উশাহ লৈ শৰীৰৰ ওপৰৰ অংশ লাহে লাহে দুয়ো ভৰিৰ দিশলৈ নমাই আনক আৰু লাহে লাহে উশাহ এৰি দিয়ক। এই অৱস্থাটোত হাত দুখন ভৰিৰ দুয়োকাষে সমান্তৰাল অৱস্থাত ৰাখিব। এইদৰে, পুনৰ আগৰ অৱস্থালৈ আহি এটা দীঘল উশাহ লৈ পাঁচবাৰ মান এই ব্যায়ামটো কৰিবলৈ চেষ্টা কৰক।

এটা দীঘলীয়া উশাহ লৈ পেঁটটো ভিতৰলৈ কোঁচ খুৱাই যিমান সময় পাৰি ধৰি ৰাখিবলৈ যত্ন কৰক। এই ব্যায়ামটোৱে পেটৰ তলৰ অংশত জমা হোৱা চৰ্বি অতি কম সময়ৰ ভিতৰতে আৰু সহজভাৱে কমোৱাত সহায় কৰে, যিটো কেৱল চিট আপ ব্যায়ামৰ জৰিয়তেহে সম্ভৱ। আপুনি যদি পোন্ধৰ ছেকেণ্ড সময় পেঁটটো কোঁচ খুৱাই ৰাখিবলৈ সক্ষম হয়, তেন্তে ই হ’ব আপোনাৰ বাবে অতি উত্তম।

Yoga For Legs: 7 Poses for Toning, Strengthening, Flexibility

দুয়োখন হাতৰ তলুৱা একেলগ কৰি প্ৰায় পোন্ধৰ ছেকেণ্ড বা ততোধিক সময় জোৰেৰে ঘৰ্ষণ কৰি তপতাই লওঁক। ইয়াৰ পিছত গৰম হাতৰ তলুৱা দুখন আপোনাৰ তলপেটত অৰ্থাৎ নাভিৰ তলৰ বা পেটৰ অন্যান্য যিখিনি অংশত চৰ্বি জমা হৈছে সেইখিনিত ঘহক। এইদৰে ত্ৰিছ ছেকেণ্ড সময় ধৰি পেটৰ চৰ্বি জমা হোৱা অংশবোৰত ঘঁহিবলৈ যত্ন কৰক। এই সহজ ব্যৱস্থাটো দিনে দুবাৰকৈ, বিশেষকৈ ৰাতি শোৱাৰ আগতে আৰু ৰাতিপুৱা শুই উঠাৰ পিছত দুই মিনিটকৈ কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত হাতৰ তলুৱাত সৃষ্টি হোৱা তাপে আমাৰ পেটত জমা হোৱা চৰ্বি কোষবোৰত প্ৰৱেশ কৰি সিহঁতক ধ্বংশ কৰে। তদুপৰি এই ব্যৱস্থাটো যেতিয়া বাৰে বাৰে প্ৰয়োগ কৰা হয় তেতিয়া ই আমাৰ পৰিপাক প্ৰণালীটোৰ কাৰ্যক্ষমতাকো খৰতকীয়া কৰি আমাৰ হজম প্ৰক্ৰিয়াটো সূচল কৰি তুলে। গতিকে আমাৰ পৰিপাক প্ৰণালীটো সক্ষম হোৱাৰ লগে লগে শৰীৰৰ অতিৰিক্ত চৰ্বি জমা হোৱা প্ৰক্ৰিয়াটোত ই বাধাৰ সৃষ্টি কৰে। দেখাত সহজ যেন লগা এইটো ব্যৱস্থাৰ যথেষ্ট গুৰুত্ব আছে।

গোৰোহাৰ ওপৰত সমস্ত শৰীৰ ভৰ দি লেপেট কাঢ়ি বহিবলৈ কৰক। এইদৰে কমেও পাঁচ মিনিট সময় একেৰাহে বহক। এইদৰে কমেও পাঁচ মিনিট সময় একেৰাহে বহক। প্ৰথম অৱস্থাত আপুনি অসুবিধাৰ সন্মুখীন হ’লেও পিছলৈ ই সহজ হৈ পৰিলে সময়ৰ পৰিমাণটো আৰু বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। এই ব্যায়ামটোৱে আমাৰ শৰীৰক অতিৰিক্ত অক্সিজেন শুহি লোৱাত সহায় কৰে আৰু এই অতিৰিক্ত অক্সিজেন আমাৰ শৰীৰত জমা হোৱা চৰ্বি হ্ৰাস কৰাত বিশেষভাৱে প্ৰভাৱশালী। এই ব্যায়ামটো অন্ততঃ পাঁচ মিনিটতকৈ হ’লেও এসপ্তাহ বা দুসপ্তাহৰ বাবে একেৰাহে চেষ্টা কৰিলে নিশ্চয় সুফল পাব।

এটা শক্তিশালী ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়া হৈছে এক খৰতকীয়া পন্থাৰে শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাৰ অন্যতম মাপকাঠী। এইখিনিতে, বিশেষভাৱে উল্লেখযোগ্য যে- এটা শক্তিশালী ৰাসায়নিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াই এজন ব্যক্তিৰ গভীৰ টোপনিৰ সময়ছোৱাটো চৰ্বি কমোৱাৰ কাৰ্য সম্পাদন কৰি থাকে। যথোচিত পৰিমাণৰ পানীৰ সেৱনে আমাৰ শৰীৰৰ অতিৰিক্ত কেলৰিৰ পৰিমাণ হ্ৰাস কৰাৰ উপৰি আমি অপ্ৰয়োজনীয়ভাৱে সেৱন কৰি থকা খাদ্যবস্তুৰ সীমিতকৰণ কৰি শৰীৰৰ ৰাসায়নিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটোক শক্তিশালী আৰু খৰতকীয়া কৰি তুলি আমাক সুস্থ আৰু সুঠাম দেহৰ অধিকাৰী হোৱাত সহায় কৰিব।

সাধাৰণতে শাৰীৰিক ওজন কমি অহাৰ লগে লগে আমাৰ দেহৰ পেশী গঠনো ক্ৰমান্বয়ে ঢিলা হৈ আহে। গতিকে এনে অৱস্থাত দেহৰ পেশীসমূহৰ মজবুত কৰিবলৈ নিয়মীয়া ব্যায়ামভাৱে আৰু সুষম তথা যথোপযুক্ত আহাৰৰ অতি প্ৰয়োজন। আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে শাৰীৰিক ওজন হেৰুৱাব একমাত্ৰ স্বাস্থ্যসন্মত ব্যৱস্থা হৈছে শাৰীৰিক ব্যায়ামৰ নিয়মীয়া অনুশীলন। কিন্তু এই ক্ষেত্ৰত সাম্প্ৰতিক সহজে উপলব্ধ পিলৰ ব্যৱহাৰে আমাৰ শৰীৰত পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাহে বৃদ্ধি কৰে। গতিকে চৰ্বি কমোৱা পিলৰ ব্যৱহাৰ বৰ্জন কৰাই হ’ব এক শ্ৰেয় সিদ্ধান্ত।

Leave A Reply

Your email address will not be published.