জানো আহক শিলিখাৰ গুণাগুণ

অতি সহজতে হোৱা এবিধ ফল হৈছে শিলিখা। সোৱাদত তিতা হোৱা হেতুকে বহুতে শিলিখা খাব নিবিচাৰে যদিও আন বহুতেই কিন্তু ইয়াক গ্ৰহণ কৰে। শিলিখাৰ বৈজ্ঞানিক নাম হৈছে টাৰমিনেলিয়া চিবেনা (TERMINALIA CHEBULA)। বনৌষধি গছৰ ভিতৰত শিলিখা গছ অমৃতৰ নিচিনা গছ। শিলিখা কেইবা প্ৰকাৰৰো আছে। যেনে — বিজয়া, ৰোহিনী, পুতনা, অমৃতা, অভয়া, জীৱন্তী আৰু চেতকী। দেখাত সাধাৰণ যেন লগা এই শিলিখাৰ আছে বহুতো অসাধাৰণ গুণ। জানো আহকচোন শিলিখাৰ উপকাৰিতাসমূহৰ বিষয়ে।

১. শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।
২. কাহ আৰু চৰ্দিৰ বাবেও উপকাৰী শিলিখা। ইয়াক আপুনি পিহি বা ৰান্ধি মৌৰ লগত গ্ৰহণ কৰিব পাৰে। ই এন্টিবেক্টেৰিয়েল আৰু বহু প্ৰকাৰৰ এন্টিঅক্সিডেন্টৰে সমৃদ্ধ, যিয়ে শৰীৰত তাপ সৃষ্টি কৰে আৰু কাহ আৰু চৰ্দিৰ সমস্যা হ্ৰাস কৰে।
৩. ছালৰ বাবেও শিলিখা উপকাৰী। দৈনিক শিলিখা খালে ছাল মসৃণ হয়।
৪. শিলিখাই আভোক দূৰ কৰে।
৫. শিলিখাই অনাৱশ্যক দ্ৰব্যবোৰ শৰীৰৰ পৰা উলিয়াই শৰীৰটোক নিস্কাশন কৰাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...