জানো আহক শিলিখাৰ গুণাগুণ

অতি সহজতে হোৱা এবিধ ফল হৈছে শিলিখা। সোৱাদত তিতা হোৱা হেতুকে বহুতে শিলিখা খাব নিবিচাৰে যদিও আন বহুতেই কিন্তু ইয়াক গ্ৰহণ কৰে। শিলিখাৰ বৈজ্ঞানিক নাম হৈছে টাৰমিনেলিয়া চিবেনা (TERMINALIA CHEBULA)। বনৌষধি গছৰ ভিতৰত শিলিখা গছ অমৃতৰ নিচিনা গছ। শিলিখা কেইবা প্ৰকাৰৰো আছে। যেনে — বিজয়া, ৰোহিনী, পুতনা, অমৃতা, অভয়া, জীৱন্তী আৰু চেতকী। দেখাত সাধাৰণ যেন লগা এই শিলিখাৰ আছে বহুতো অসাধাৰণ গুণ। জানো আহকচোন শিলিখাৰ উপকাৰিতাসমূহৰ বিষয়ে।

১. শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।
২. কাহ আৰু চৰ্দিৰ বাবেও উপকাৰী শিলিখা। ইয়াক আপুনি পিহি বা ৰান্ধি মৌৰ লগত গ্ৰহণ কৰিব পাৰে। ই এন্টিবেক্টেৰিয়েল আৰু বহু প্ৰকাৰৰ এন্টিঅক্সিডেন্টৰে সমৃদ্ধ, যিয়ে শৰীৰত তাপ সৃষ্টি কৰে আৰু কাহ আৰু চৰ্দিৰ সমস্যা হ্ৰাস কৰে।
৩. ছালৰ বাবেও শিলিখা উপকাৰী। দৈনিক শিলিখা খালে ছাল মসৃণ হয়।
৪. শিলিখাই আভোক দূৰ কৰে।
৫. শিলিখাই অনাৱশ্যক দ্ৰব্যবোৰ শৰীৰৰ পৰা উলিয়াই শৰীৰটোক নিস্কাশন কৰাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...