তুলসী পাতৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰত তুলসীৰ এক বিশেষ স্থান আছে। হিন্দুসকলে তুলসীক পবিত্ৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰে।তুলসীপাতত ভিটামিন এ, চি, কে আৰু কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, লো আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে। প্ৰতিদিনে তুলসী পাতৰ ৰস সেৱন কৰিলে কাহ বা শ্বাসজনিত ৰোগসমূহৰ পৰা নিৰাময় পাব পাৰি। নিয়মিত তুলসী পাত বা তুলসী পাতৰ ৰস সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি। ঘূৰণীয়া কৃমি হ’লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়। তুলসী পাতৰ লাভালাভসমূহ –

১) তুলসীৰ পাতে মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখে
২) তুলসী পাতে স্নায়ৱিক দূৰ্বলতা দূৰ কৰে
৩) তুলসীৰ পাত পিচি খালে স্মৃতি শক্তিও বৃদ্ধি হয়
৪) উচ্চ ৰক্তচাপৰ বাবে তুলসী পাতৰ ৰস লগত হালধিৰ ৰস মিহলাই সেৱন কৰিব লাগে
৫) তুলসীৰ পাত খালে আৰু তুলসীৰ পাতেৰে দাঁত ঘঁহিলে মুখৰ দুৰ্গন্ধ নোহোৱা হয়
৬) তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়
৭) তুলসী পাতৰ ৰস খালে বমি, পানী লগাৰ পৰা উপশম পাব পাৰি
৮) কাহ, কফ, জ্বৰ আদি হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই সেৱন কৰিব লাগে
৯) তুলসীৰ পাত পানীত তিয়াই থৈ সেই পানীৰে ধুলে গাৰ ছালৰ দাগ নোহোৱা হয়
১০) তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ আৰু সতেজ হয়
১১) তুলসী পাতে তেজ পৰিষ্কাৰ কৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...