বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশ্বৰ কনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰি

বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশ্বৰ কনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰি। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত সুবৰ্ণ। বহুকেইখন মহাবিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ–ছাত্ৰীৰে মত বিনিময় কৰে সুবৰ্ণ বাৰিয়ে। সুবৰ্ণ বাৰিৰ অনুষ্ঠান চাবলৈ ভিৰ কৰিলে বহু অধ্যাপক, ছাত্ৰ-ছাত্ৰীয়ে। কোকৰাঝাৰ মেডিকেল কলেজ, CIT, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও আহিল ছাত্ৰ–ছাত্ৰী। বিশ্বৰ কনিষ্ঠ অধ্যাপকৰ ভাষণে মুগ্ধ কৰিলে সকলোকে। আনফালে সুবৰ্ণৰ সৈতে ছেল্ফী উঠিবলৈও হেতাওপৰা লগালে অধ্যাপক, ছাত্ৰ–ছাত্ৰীয়ে। ২০১২ চনৰ ৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা সুবৰ্ণ বাৰিৰ আছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। গণিত, বিজ্ঞানত দুবছৰ বয়সৰ পৰাই আকৰ্ষিত হৈছিল সুবৰ্ণ বাৰি। বিশ্ববিদ্যালয়ত সুবৰ্ণ বাৰিয়ে পাঠ দিয়ে কম্পিউটাৰ আৰু পদাৰ্থ বিজ্ঞানৰ। ৭ বছৰতে অতিথি অধ্যাপক হিচাপে সন্মান লাভ কৰে মুম্বাই বিশ্ববিদ্যালয়ৰ ৰুইয়া কলেজৰ পৰা। নাছাৰ বাবেও কাম কৰিছে সুবৰ্ণ বাৰিয়ে। এজন লেখক হিচাপেও পৰিচিত সুবৰ্ণ বাৰিয়ে লিখিছে ‘দ্য লাভ’ শীৰ্ষক গ্ৰন্থ। সন্ত্ৰাসবাদৰ বিৰুদ্ধেও মাত মাতিছে কনিষ্ঠ অধ্যাপকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...