তুলসী পাতৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰত তুলসীৰ এক বিশেষ স্থান আছে। হিন্দুসকলে তুলসীক পবিত্ৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰে।তুলসীপাতত ভিটামিন এ, চি, কে আৰু কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, লো আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে। প্ৰতিদিনে তুলসী পাতৰ ৰস সেৱন কৰিলে কাহ বা শ্বাসজনিত ৰোগসমূহৰ পৰা নিৰাময় পাব পাৰি। নিয়মিত তুলসী পাত বা তুলসী পাতৰ ৰস সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি। ঘূৰণীয়া কৃমি হ’লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়। তুলসী পাতৰ লাভালাভসমূহ –

১) তুলসীৰ পাতে মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখে
২) তুলসী পাতে স্নায়ৱিক দূৰ্বলতা দূৰ কৰে
৩) তুলসীৰ পাত পিচি খালে স্মৃতি শক্তিও বৃদ্ধি হয়
৪) উচ্চ ৰক্তচাপৰ বাবে তুলসী পাতৰ ৰস লগত হালধিৰ ৰস মিহলাই সেৱন কৰিব লাগে
৫) তুলসীৰ পাত খালে আৰু তুলসীৰ পাতেৰে দাঁত ঘঁহিলে মুখৰ দুৰ্গন্ধ নোহোৱা হয়
৬) তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়
৭) তুলসী পাতৰ ৰস খালে বমি, পানী লগাৰ পৰা উপশম পাব পাৰি
৮) কাহ, কফ, জ্বৰ আদি হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই সেৱন কৰিব লাগে
৯) তুলসীৰ পাত পানীত তিয়াই থৈ সেই পানীৰে ধুলে গাৰ ছালৰ দাগ নোহোৱা হয়
১০) তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ আৰু সতেজ হয়
১১) তুলসী পাতে তেজ পৰিষ্কাৰ কৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...