কমলাৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

শীতকালৰ বজাৰত সহজেই উপলব্ধ কমলা। এই কমলা কেৱল সোৱাদযুক্তই নহয় ই স্বাস্থ্যৰ বাবেও উপকাৰী। কমলা ভিটামিন C-ৰ শ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ভিটামিন Cয়ে সহায় কৰে। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। শীতকালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে, যাৰ ফলত আমি সোনকালে অসুস্থ হ’ব পাৰোঁ। এনে পৰিস্থিতিত, আপোনাৰ স্বাস্থ্যৰ বিষয়ে অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। স্বাস্থ্যৱান হৈ থাকিবলৈ সাৱধানতা আৰু আহাৰ দুয়োটাৰে যত্ন ল’ব লাগে। স্বাস্থ্যকৰ আহাৰে শৰীৰক বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে। গতিকে কমলা খোৱাৰ লাভালাভবোৰ জানো আহকচোন।

কমলাৰ উপকাৰিতা

১. ৰোগ প্ৰতিৰোধ ক্ষমতা : ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কমলাই সহায় কৰে। কমলাত ভিটামিন C যথেষ্ট পৰিমাণে পোৱা যায়, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কাম কৰে। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

২. ছাল : ছাল স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক কমলা খাব পাৰে। কমলা সেৱনে ছালৰ দাগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াত থকা গুণাগুণবোৰ ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

৩. চুলি : যদি আপোনাৰ চুলি সৰি আছে বা দুৰ্বল হৈছে, তেনেহ’লে কমলা সেৱন কৰাটো আপোনাৰ বাবে লাভজনক হ’ব পাৰে। দৈনিক কমলা খোৱাটোৱে চুলি শক্তিশালী, ঘন আৰু চকচকে কৰাত সহায় কৰিব পাৰে।

৪. এণ্টিঅক্সিডেণ্ট : কমলা এণ্টি-অক্সিডেণ্টেৰে সমৃদ্ধ। কমলা বিটা কেৰোটিন থাকে যি শৰীৰত কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে।

৫. ওজন হ্ৰাস : কমলাত যথেষ্ট কম কেলৰি থাকে। ই ওজন হ্ৰাস কৰাত সহায় কৰে। ই আপোনাৰ কেলৰি গ্ৰহণ হ্ৰাস কৰিব আৰু মেদবহুলতাও হ্ৰাস কৰিব। আপুনি প্ৰতিদিনে ৰাতিপুৱাৰ আহাৰত এগিলাচ কমলাৰ ৰস খাব পাৰে।

NKTV Digital
Author: NKTV Digital

195 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...