বন্ধন বেংকৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা

বেংকৰ খুচুৰা ঋণৰ বহী ৮০ শতাংশলৈ বৃদ্ধি

বন্ধন বেংকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰে। বেংকৰ খুচুৰা ঋণ বহী সুস্থভাৱে ৮০ শতাংশ বৃদ্ধি পাই বেংকৰ পৰ্টফলিঅ’ বৈচিত্ৰ্যৰ এজেণ্ডা আৰু অধিক শক্তিশালী কৰি তুলিছে৷ এই সময়ছোৱাত মুঠ ব্যৱসায়ৰ পৰিমাণ প্ৰায় ২.২০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। বিতৰণৰ সম্প্ৰসাৰণ আৰু অনুকূল পৰিচালন পৰিৱেশৰ দ্বাৰা পৰিচালিত হৈ বেংকটোৱে এই ত্ৰৈমাসিকত উৎসাহজনক বিকাশ প্ৰত্যক্ষ কৰে।নেটৱৰ্ক সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ হিচাপে বন্ধন বেংকে লেহত এটা শাখা মুকলি কৰি কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখলৈ নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰে।ইয়াৰ জৰিয়তে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ৩৫ নম্বৰত বন্ধন বেংকৰ প্ৰৱেশ ঘটিছে। ত্ৰৈমাসিকটোত বেংকটোৱে দেশজুৰি ৮০ টা শাখা মুকলি কৰে। বৰ্তমান এই বেংকেটোৱে ভাৰতত ৬,২০০তকৈও অধিক বেংকিং আউটলেটৰ জৰিয়তে ৩.১৭ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে। বন্ধন বেংকত কাম কৰা কৰ্মচাৰীৰ সংখ্যা ৭৪ হাজাৰৰ ওপৰত।

বিত্তীয় বৰ্ষ ২৪ ৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকৰ জমা বহী পূৰ্বৰ বছৰৰ একে ত্ৰৈমাসিতকৈ ১২.৮ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। এতিয়া মুঠ জমাৰ পৰিমাণ হৈছে ১.১২লাখ কোটি টকা। মুঠ লোনৰ পৰিমাণ এতিয়া ১.০৮ লাখ কোটি টকা। আনহাতে এই ফলাফল সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকটোত বেংকৰ প্ৰদৰ্শন উৎসাহজনক আছিল। বেংকৰ বৈচিত্ৰ্যকৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ইয়াৰ খুচুৰা বেংকিং প’ৰ্টফলিঅ’ অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ যোৱা কেইটামান ত্ৰৈমাসিকত আৰম্ভ কৰা সকলো নতুন ব্যৱসায়ৰ সৈতে আৰু বেংকটোৱে হাতত লোৱা প্ৰযুক্তি পৰিৱৰ্তনৰ সৈতে, আমি এই বিত্তীয় বৰ্ষৰ বাকী সময়ছোৱাত ভাল ফলাফল লাভ কৰাৰ বাবে আত্মবিশ্বাসী৷ বেংকটোৱে এছএমই ঋণ, গ’ল্ড ঋণ, ব্যক্তিগত ঋণ আৰু অটো ঋণৰ লগতে অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত নিজৰ প’ৰ্টফলিঅ’ বৃদ্ধি কৰি আছে। বেংকটোৱে বিগত বৰ্ষত বাণিজ্যিক যান-বাহন ঋণ আৰু ব্যৱসায়ৰ বাবে সম্পত্তিৰ বিপৰীতে ঋণৰ দৰে নতুন শাখা আৰম্ভ কৰিছিল ৷ কেন্দ্ৰীয় অসামৰিক পেঞ্চন প্ৰদানৰ বাবে শেহতীয়াকৈ আৰ বি আইৰ দ্বাৰা বেংকক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...