কণী খাই যদি পঢ়ক এই প্ৰতিবেদন

ৰাতিপুৱাৰ আহাৰৰ বাবে কণীক শ্ৰেষ্ঠ আহাৰ বুলি গণ্য কৰা হয়। কণীক প্ৰ’টিনৰ এক ভাল উৎস বুলও গণ্য কৰা হয়। আমি ৰাতিপুৱাৰ আহাৰত কণী বিভিন্ন ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। উল্লেখ্য যে কণীত ভিটামিন-বি, ভিটামিন বি12, বায়োটিন, এণ্টিঅক্সিডেণ্ট আৰু প্ৰ’টিন থাকে। যি শৰীৰক বহুতো সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। গতিকে আহাৰত কণী খোৱাৰ লাভালাভবোৰ জানো আহকচোন।

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : প্ৰতিদিনে ৰাতিপুৱা সিজোৱা কণী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। কণীত এণ্টিঅক্সিডেণ্ট, ভিটামিন, প্ৰ’টিন থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে।

২. প্ৰ’টিন : প্ৰ’টিনক শৰীৰৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। এক প্ৰতিবেদন অনুসৰি এটা কণীত ৬ গ্ৰামতকৈ অধিক প্ৰ’টিন থাকে। প্ৰ’টিনৰ অভাৱ দূৰ কৰিবলৈ, ৰাতিপুৱাৰ আহাৰত কণী অন্তৰ্ভুক্ত লাগে।

৩. আইৰণ : কণীক আইৰণৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। যদি আপুনি তেজৰ অভাৱ দূৰ কৰিব বিচাৰে, তেন্তে আপুনি ৰাতিপুৱাৰ আহাৰত সিজোৱা কণী অন্তৰ্ভুক্ত কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...