সোপাধৰাৰ সন্দেহত মহিলাক প্ৰহাৰ উন্মত্ত জনতাৰ

ডিমা হাচাওত পুণৰ ভয়ানক গণ প্ৰহাৰৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰিল নেপালৰ পৰা ডিমা হাচাওৰ ভগ্নীৰ ঘৰত ফুৰবলৈ অহা এগৰাকী মহিলাৰ। এগৰাকী কণমানিক মৰমতে জুইচৰ পেকেট, চকলেট আৰু ১০০ টকা দিছিল মহিলাগৰাকীয়ে। কিন্তু স্থানীয় একাংশ লোকে সোপাধৰাৰ সন্দেহত মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰে। দীৰ্ঘসময় ধৰি মহিলাগৰাকীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে উন্মত্ত লোকসকলে। মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ সৈতেও হতাহতিত লিপ্ত হয় উত্তেজিত লোকসকল। এই ঘটনাত ৩ জন আৰক্ষীও কম-বেছি পৰিমাণে আহত হয়। ঘটনা তদন্ত কৰি অভিযুক্ত ৪ মহিলাসহ ৭ জনক গ্ৰেপ্তাৰ কৰে ডিমা হাচাও আৰক্ষীয়ে।

ডিমা হাচাওত পুণৰ ভয়ানক গণ প্ৰহাৰৰ ঘটনা
কথমপি প্ৰাণ ৰক্ষা নেপালৰ পৰা অহা মহিলাৰ
এটি শিশুক জুইচৰ পেকেট, চকলেট দিয়াৰ পৰিণাম
সোপাধৰাৰ সন্দেহত মহিলাক প্ৰহাৰ উন্মত্ত জনতাৰ
মহিলাগৰাকীক গুৰুলাগুৰুলকৈ প্ৰহাৰ পুৰুষ-মহিলাৰ
ডিমা হাচাও আৰক্ষীৰ জালত ৪ মহিলাসহ ৭ অভিযুক্ত

মহিলাক গণপ্ৰহাৰ
ডিমা হাছাওত পুনৰ গণপ্ৰহাৰৰ নাৰকীয় ঘটনা। সোপাধৰাৰ সন্দেহত মহিলাক গুৰুলাগুৰুলকৈ প্ৰহাৰ। এই দৃশ্য আমি অসম্পাদিত ৰূপত আমি আপোনালোকক দেখুৱাব নোৱাৰো। ৰাজপথতে পৰি ৰৈছে এগৰাকী মহিলা। মহিলাগৰাকীক উপৰ্যুপুৰি চাৰিওপিনৰ পৰা আক্ৰমণ কৰিছে একাংশ লোকে। কোনোবাই চৰিয়াইছে, কোনোবাই ঘুছিয়াইছে, কোনোবাই শোধাইছে প্ৰচণ্ড গোৰ। এজাক উন্মত্ত পুৰুষ-মহিলাৰ আক্ৰমণত ৰক্তৰঞ্জিত মহিলাগৰাকীৰ সৰ্বশৰীৰ। মুমুৰ্ষপ্ৰায় অৱস্থা মহিলাগৰাকীৰ। গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ নাম কমলা দুলাল। নেপালৰ পৰা ডিমা হাছাওৰ ভগ্নীৰ ঘৰত ফুৰিবলৈ আহিছিল। সম্প্ৰতি চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে কমলাই। চিকিৎসকৰ মতে মহিলাগৰাকীৰ দেহৰ কেইবাস্থানত আঘাত গুৰুতৰ। লোৱাৰ হাফলঙৰ মঙলবাৰৰ সন্ধিয়াৰ প্ৰায় ৭.৩০ বজাৰ ঘটনা এয়া। এগৰাকী কণমানিলৈ দেখুওৱা মৰমেই কাল হ’ল নেপালৰ পৰা অহা মহিলাগৰাকীৰ। বাটত কণমানি এজনীক দেখি মৰমতে চকলেট, জুইচৰ পেকেট আৰু ১০০ টকা দিছিল মহিলাগৰাকীয়ে। লগে লগেই সোপাধৰা বুলি অচিনাকী মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰিল একাংশ লোক।

কোনো বাচ বিচাৰ নোহোৱাকৈ মহিলাগৰাকীক যিয়ে যেনেকৈ পাই প্ৰহাৰ কৰি গ’ল। প্ৰত্যক্ষদৰ্শী কোনো লোকে খবৰ দিলে ডিমা হাছাও আৰক্ষীক। লগে লগেই ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হ’ল আৰক্ষীৰ দল। কিন্তু পৰিস্থিতি ইমানেই উত্তপ্ত হৈ আছিল যে আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হ’ল উত্তেজিত লোকসকল। এই ঘটনাত ৩ জন আৰক্ষীও আহত হ’ল। অৱশ্যে ইয়াৰ পিছতে আৰক্ষীৰ বিশাল বাহিনী প্ৰেৰণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। গুৰুতৰভাৱে আহত মহিলাগৰাকীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ডিমা হাছাও আৰক্ষী।

ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্তৰ অন্তত ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭ অভিযুক্তক। অভিযুক্তসকলৰ ৪ গৰাকী মহিলা, ৩ জন পুৰুষ। গণপ্ৰহাৰৰ এই চাঞ্চল্যকৰ ঘটনাক অতি গুৰুত্বসহকাৰে লৈছে ডিমা হাছাও আৰক্ষীয়ে। কাৰ্বি আংলঙৰ অভি-নীল কাণ্ডৰ কথাও মনত পেলাই দিলে আৰক্ষী অধীক্ষকজনে। গণপ্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতিৰ আৰু এবাৰ সকীয়াই দিলে বিষয়াজনে।

মন কৰিবলগীয়া যে, কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত অভি-নীল কাণ্ডৰ পিছতে গণপ্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত আছে অসম আৰক্ষীৰ। নগাঁও আদালতত চলি আছে ডিফুত সংঘটিত ঝংকাৰ শইকীয়াৰ গণপ্ৰহাৰৰ ঘটনাৰো বিচাৰ প্ৰক্ৰিয়া। গণপ্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবেও বিভিন্ন কাৰ্যসূচী হাতত লোৱা বুলি দাবী অসম আৰক্ষীৰ। কিন্তু কঠোৰ আৰক্ষীৰ কথা এতিয়াও কাণত পৰা নাই সাধাৰণ ৰাইজৰ। যাৰ বাবে বাৰে বাৰে সংঘটিত হৈছে সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...