নিৰ্বাচন আহিছে, মুখ খুলিছে বিতৰ্কিত শিলাদিত্য দেৱে

0 119

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মহলত নিজৰ গুৰুত্ব বঢ়াবলৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য হোজাইৰ গুৰুত্বহীন প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। ইছলাম ধৰ্মাৱলম্বী লোকৰ ফজৰৰ নামাজৰ বাবে পুৱতি নিশা ৪.৩০ বজাত দিয়া আজানে শিলাদিত্যৰ টোপনি ভঙাক লৈ নাৰাজ তেওঁ। IIT গুৱাহাটীত ISISৰ সমৰ্থক আৱিস্কাৰ হোৱাক লৈও চৰম উদ্বিগ্নতা শিলাদিত্য দেৱৰ। জেহাদীক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ আমি কেতিয়াবা যোগী হ’ব লাগিব, কেতিয়াবা মোদী হ’ব লাগিব, নাইবা কেতিয়াবা হ’ব লাগিব হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে বৰপেটাৰোডত উপস্থিত হৈ এই মন্তব্য সদা বিতৰ্কিত শিলাদিত্য দেৱৰ।

নিৰ্বাচন আহিছে, মুখ খুলিছে বিতৰ্কিত শিলাদিত্য দেৱে
ৰাজনীতিত পুনৰ গুৰুত্ব বঢ়োৱাৰ চেষ্টা গুৰুত্বহীন শিলাদিত্যৰ
‘৪.৩০ বজাৰ আজানে মোৰ টোপনি ভাঙিব, সেইটো নহ’ব’
IIT গুৱাহাটীত ISISৰ সমৰ্থকক লৈও উদ্বিগ্ন শিলাদিত্য
‘আমি কেতিয়াবা যোগী হ’ব লাগিব, কেতিয়াবা মোদী হ’ব লাগিব’
নাইবা কেতিয়াবা হ’ব লাগিব হিমন্তঃ শিলাদিত্য দেৱ

শিলাদিত্যৰ বচন
পুৱা ৪.৩০ বজাতে ফজৰৰ নামাজৰ আজান
‘মাইকৰ আজানে আমাৰ টোপনি ভাঙে’
‘এনেকৈ আৰু নচলিব’

ইছলামধৰ্মীয় লোকৰ পবিত্ৰ ৰমজান মাহৰ সময়ত সাম্প্ৰদায়িক বিষ এৰি আজানক লৈ আপত্তি শিলাদিত্য দেৱৰ। ঠিকেই চিনি পাইছে। হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱ। মুখ খুলিলেই যিয়ে বিতৰ্কিত কথা কয়। ২০২১ৰ বিধানসভা নিৰ্বাচনত টিকটেই নাপালে তেতিয়াৰ বিধায়ক শিলাদিত্যই। তাৰ পিছৰে পৰা ৰাজনৈতিক মহলত গুৰুত্ব কমিছে শিলাদিত্যৰ। মাজে মাজে সাম্প্ৰদায়িক তথা বিতৰ্কিত কথাৰে অস্তিত্ব জাহিৰ কৰাৰ চেষ্টা অব্যাহত ৰাখে শিলাদিত্যই। আকৌ নিৰ্বাচন অহাত হঠাৎ সাম্প্ৰদায়িক কথাৰে গুৰুত্ব বৃদ্ধিৰ চেষ্টা গুৰুত্বহীন শিলাদিত্য দেৱৰ। ৪.৩০ বজাতে আজান শুনি টোপনি ভাঙিলে খং নুঠিব নেকি? আজানৰ বাবেই হেনো দেশত বাঢ়িছে অসহিষ্ণুতা। পুৱা ৪.৩০ বজাৰ আজান হেনো ইছলামৰ অসভ্যালি।

শিলাদিত্য দেৱৰ এই মন্তব্যক লৈ স্বাভাৱিকতে সৰৱ হৈছে বিভিন্নজন। জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে ক’লে- সূৰ্য উদয় হোৱালৈ আজান চলিব মছজিদত। মন্দিৰৰ ঘন্টাই মুছলমানক অসুবিধাত নেপেলায়। আজানে প্ৰকৃত হিন্দুক অসুবিধা নকৰে। বাংলাদেশৰ পৰা অহা শিলাদিত্যই এইবোৰ নুবুজিব। বিতৰ্কিত শিলাদিত্য দেৱক ম্যাদ ওকলা বিষাক্ত টেবলেট আখ্যা ৰফিকুল ইছলামৰ।

শিলাদিত্য দেৱৰ আজান বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমছু সাধাৰণ সম্পাদক মিন্নাতুল ইছলামেও। সাম্প্ৰদায়িক সাগৰত বুৰ গৈ আছে শিলাদিত্য। নিৰ্বাচনৰ বতৰত শিলাদিত্যৰ পৰা ইয়াতকৈ আৰু অধিক আশা কৰিব নোৱাৰি।

মঙলবাৰে বৰপেটা ৰোডৰ এক অনুষ্ঠানলৈ গৈছিল শিলাদিত্য দেৱ। তাতেই ফজৰৰ নামাজৰ আজানক লৈ বিতৰ্কিত মন্তব্য। সাম্প্ৰদায়িক কথা ক’বলৈ গৈ IIT-গুৱাহাটীত আৱিস্কাৰ হোৱা দিল্লী আৰু জম্মুৰ ২ ISIS সমৰ্থক ছাত্ৰৰ কথাও উনুকিয়ালে শিলাদিত্যই।

শিলাদিত্যৰ বচন- জেহাদীসকলক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ আমি কেতিয়াবা যোগী হ’ব লাগিব, কেতিয়াবা মোদী হ’ব লাগিব। নাইবা কেতিয়াবা হিমন্ত হৈ গঢ়িব লাগিব শক্তিশালী সমাজ ব্যৱস্থা।

Leave A Reply

Your email address will not be published.