তিনি সুন্দৰী যুৱতীৰ বাবেই মৃত্যু ঘটিল নেকি ধ্ৰুৱজ্যোতিৰ? দেৱৰাজ আৰু বিকীৰ সৈতে ৰঙিয়াৰ পৰা কিয় আহিছিল নৈশ যাপনৰ বাবে গুৱাহাটীলৈ?

হাতীগাঁওস্থিত হোটেল ৰাজ পেলেচত যুৱকৰ ৰহস্যজনক মৃত্যু। হোটেলৰ কোঠাত উদ্ধাৰ ধ্ৰুৱজ্যোতি ডেকা নামৰ এজন যুৱকৰ মৃতদেহ। ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল ধ্ৰুৱজ্যোতি। নিশাৰ ভাগত ৩ যুৱতীৰ সৈতে আহিছিল ৩ জনকৈ যুৱক। যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল যুৱকজন। হোটেল ৰাজ পেলেচৰে পেৰাডাইছ ইন বাৰত পাৰ্টী কৰি নিশা কটাইছিল যুৱককেইজনে। যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ পিছতে পলাতক আটাইকেইগৰাকী যুৱতী। যুৱতীৰ ফটো দেখুৱাই এটা দালাল চক্ৰই হোটেললৈ মাতি আনিছিল যুৱককেইজনক। দালাল চক্ৰৰ প্ৰলোভনত যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল ৩ যুৱক ক্ৰমে মৃত ধ্ৰুৱজ্যোতি ডেকাসহ দুই বন্ধু দেৱৰাজ আৰু বিকী। হোটেলৰ কোঠাত উদ্ধাৰ নিচাজাতীয় সামগ্ৰী। ঘটনা সন্দৰ্ভত গুৱাহাটী আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে। দুই বন্ধুৰ লগতে হোটেলখনৰ দুজন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...