তিনি সুন্দৰী যুৱতীৰ বাবেই মৃত্যু ঘটিল নেকি ধ্ৰুৱজ্যোতিৰ? দেৱৰাজ আৰু বিকীৰ সৈতে ৰঙিয়াৰ পৰা কিয় আহিছিল নৈশ যাপনৰ বাবে গুৱাহাটীলৈ?

হাতীগাঁওস্থিত হোটেল ৰাজ পেলেচত যুৱকৰ ৰহস্যজনক মৃত্যু। হোটেলৰ কোঠাত উদ্ধাৰ ধ্ৰুৱজ্যোতি ডেকা নামৰ এজন যুৱকৰ মৃতদেহ। ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল ধ্ৰুৱজ্যোতি। নিশাৰ ভাগত ৩ যুৱতীৰ সৈতে আহিছিল ৩ জনকৈ যুৱক। যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল যুৱকজন। হোটেল ৰাজ পেলেচৰে পেৰাডাইছ ইন বাৰত পাৰ্টী কৰি নিশা কটাইছিল যুৱককেইজনে। যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ পিছতে পলাতক আটাইকেইগৰাকী যুৱতী। যুৱতীৰ ফটো দেখুৱাই এটা দালাল চক্ৰই হোটেললৈ মাতি আনিছিল যুৱককেইজনক। দালাল চক্ৰৰ প্ৰলোভনত যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল ৩ যুৱক ক্ৰমে মৃত ধ্ৰুৱজ্যোতি ডেকাসহ দুই বন্ধু দেৱৰাজ আৰু বিকী। হোটেলৰ কোঠাত উদ্ধাৰ নিচাজাতীয় সামগ্ৰী। ঘটনা সন্দৰ্ভত গুৱাহাটী আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে। দুই বন্ধুৰ লগতে হোটেলখনৰ দুজন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...