কেৱল লাই-লফা, পালেং বিক্ৰী কৰিয়েই লক্ষাধিক টকা উপাৰ্জন অৰুণ ভূঞাৰ

ধেমাজিৰ গাই নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কৰ্মৰে আদৰ্শৰ পথ দেখুৱাইছে অৰুণ ভূঞাই। কেৱল লাই পাত বিক্ৰী কৰি আঢ়ৈ লাখ টকা লাভ কৰিছে ধেমাজিৰ গাই নৈৰ পাৰৰ খেতিয়ক অৰুণ ভূঞাই৷ বন্ধাকবি, ফুলকবি, বেঙেনা, জাতি লাওঁ, ৰঙালাও,লাই-লফা পালেং বিক্ৰী কৰি বছৰি আঠ লক্ষাধিক টকা উপাৰ্জন কৰি আৰ্থিকভাৱে টনকিয়াল ধেমাজিৰ সাপেখাতিৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক অৰুণ ভূঞা৷

পত্নী, ভগ্নী আৰু ভাতৃৰ সৈতে গাই নৈৰ পাৰত ৰবি শস্যৰ খেতিৰে স্বাৱলম্বী হোৱা অৰুণ ভূঞাই বাৰ বিঘা মাটিত সৃষ্টি কৰিছে সেউজ বিপ্লৱৰ৷ কৃষি কৰ্মৰে প্ৰকৃতাৰ্থত স্বাৱলম্বী এইগৰাকী কৃষকৰ কৃষিকাৰ্যৰ প্ৰতি নিস্পৃহ ধেমাজিৰ কৃষি বিভাগ৷ কৰ্মসস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ধাপলি মেলা সকলক কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ আহ্বান খেতিয়ক অৰুণ ভূঞাৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...