বালিমাহীৰ কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীলৈ পদ্মশ্ৰী

ৰাজ্যবাসীলৈ কঢ়িয়ালে সুনাম। ২ অসম সন্তানে কঢ়িয়াই আনিলে আন এক গৌৰৱৰ ক্ষণ। ভাৰতৰ ১০৭গৰাকী পদ্মশ্ৰী বঁটাপ্ৰাপক ব্যক্তিৰ লগতে উজলি উঠিল ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰী। নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে পদ্ম সন্মান। আনহাতে শকুন্তলা চৌধুৰীৰ পৰলোকপ্ৰাপ্তি ঘটাত তেখেতৰ হৈ সংগঠনৰ লোকে এই বঁটা গ্ৰহণ কৰে ৷

ইফালে এই বঁটা লাভ কৰি বালিমাহীৰ কবি ধনেশ্বৰ ইংতিয়ে কয়-পৰিৱৰ্তনশীল আধুনিক যুগত এখন পিছপৰা গাঁৱৰ পৰা আহি এজন সাধাৰণ মানুহ হিচাপে এনে বিৰল সন্মান পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ ৷ ই সমাজৰ বাবে এক নিদৰ্শন স্বৰূপ ৷ মানুহে মনপুতঃ আৰু অন্তঃকৰণেৰে যিকোনো বিষয়ত কাম কৰিলে এনে বিৰল সন্মান লাভ কৰিব পাৰে৷ জীৱনত কিবা এটা পাবৰ বাবে নহয়, কিবা এটা কৰি দেখুৱাবলৈ আৰু কাম কৰাৰ মানসিকতাৰে অগ্ৰসৰ হওক সকলো। ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুতো গণ্যমান্য ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...