তেজত ৰক্তকণিকা গঠনত সহায় কৰে কঁঠালে

কঁঠালৰ উপকাৰিতা বহুতো আছে। অসমৰ প্ৰায় সকলো মানুহৰে বাৰীত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। কঁঠালত ৰোগ প্ৰতিৰোধী গুণ থাকে। দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰখাত সহায় কৰে। কঁঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে। কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে। তেজত ৰক্তকণিকা গঠনত সহায় কৰে কঁঠালে। পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঁঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে। নিয়মিতভাবে কঁঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে। কঁঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে। কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি বিজ্ঞানী

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...