মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত পথৰ বাবে জৰুৰীকালীন সময়তো এম্বুলেন্স সেৱা উপলব্ধ নোহোৱাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে লোহিতখাবলু-যোগীবাৰী অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা।

জানিব পৰা মতে, এগৰাকী প্ৰসূতি মহিলাক চিকিৎসালয়লৈ নিয়াৰ সময়তে বিধ্বস্ত পথৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হয় পৰিয়ালটো। অঞ্চলটোত ১০৮ এম্বুলেন্স সেৱা উপলব্ধ নোহোৱাত মহিলাগৰাকীক সামগ্ৰী কঢ়িওৱা এখন বাহনত চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই পথতে বাহনৰ ওপৰত মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰে।

এই ঘটনাৰ পিছতে মাজুলীৰ স্বাস্থ্য সেৱা আৰু জৰুৰীকালীন চিকিৎসা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিধ্বস্ত পথৰ বাবে অঞ্চলটোত দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ অহাৰ অভিযোগ আছে।

এনে ঘটনাই ৰাজ্যৰ পথ যোগাযোগ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ বাস্তৱ ছবিখন পুনৰ পোহৰলৈ আনিছে। ঘটনাটোক লৈ এতিয়া মাজুলীৰ লগতে সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চা চলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...