হানী ট্ৰেপিঙৰ জালত বেংক মেনেজাৰ; লুটিলে ৩.১৫ লাখ টকা

যোৰহাটত হানী ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযোগ অনুসৰি, প্ৰথমে চিনাকি, তাৰ পিছত ঘনিষ্ঠতা আৰু শেষত ব্লেকমেইলিং। এনেদৰে কৌশলেৰে ধন সংগ্ৰহ কৰিছিল এটা চক্ৰই।

চক্ৰটোৰ জালত পৰিছিল তিনিচুকীয়াৰ এজন বেংক মেনেজাৰ। অভিযোগ অনুসৰি, ‘মৰমী নেওগ’ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে মেনেজাৰজনৰ সৈতে চিনাকি হৈছিল চক্ৰটোৱে। পৰৱৰ্তী সময়ত ঘনিষ্ঠতা বৃদ্ধি কৰি ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ উঠিছে।

সেই ভিডিঅ’ দেখুৱাই ব্লেকমেইল কৰি মেনেজাৰজনৰ পৰা প্ৰথমে ৩ লাখ ১৫ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে। ইয়াৰ পিছত পুনৰ ৫ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৰৱৰ্তী সময়ত উপায়হীন হৈ ভুক্তভোগী বেংক মেনেজাৰজনে আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ তদন্তত ক্ৰমাৎ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত অভিযান চলাই বেবী বৰা নামৰ এগৰাকী যুৱতীসহ মুঠ ৪জন লোকক আটক কৰা হৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে হানী ট্ৰেপিং চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধানতো তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত অধিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...