হানী ট্ৰেপিঙৰ জালত বেংক মেনেজাৰ; লুটিলে ৩.১৫ লাখ টকা

যোৰহাটত হানী ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযোগ অনুসৰি, প্ৰথমে চিনাকি, তাৰ পিছত ঘনিষ্ঠতা আৰু শেষত ব্লেকমেইলিং। এনেদৰে কৌশলেৰে ধন সংগ্ৰহ কৰিছিল এটা চক্ৰই।

চক্ৰটোৰ জালত পৰিছিল তিনিচুকীয়াৰ এজন বেংক মেনেজাৰ। অভিযোগ অনুসৰি, ‘মৰমী নেওগ’ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে মেনেজাৰজনৰ সৈতে চিনাকি হৈছিল চক্ৰটোৱে। পৰৱৰ্তী সময়ত ঘনিষ্ঠতা বৃদ্ধি কৰি ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ উঠিছে।

সেই ভিডিঅ’ দেখুৱাই ব্লেকমেইল কৰি মেনেজাৰজনৰ পৰা প্ৰথমে ৩ লাখ ১৫ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে। ইয়াৰ পিছত পুনৰ ৫ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৰৱৰ্তী সময়ত উপায়হীন হৈ ভুক্তভোগী বেংক মেনেজাৰজনে আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ তদন্তত ক্ৰমাৎ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত অভিযান চলাই বেবী বৰা নামৰ এগৰাকী যুৱতীসহ মুঠ ৪জন লোকক আটক কৰা হৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে হানী ট্ৰেপিং চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধানতো তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত অধিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত...

ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু

ভূগৰ্ভস্ত টেংকীত বিষাক্ত গেছ। উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ...

১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন; তিনিখন ‘বুক অৱ ৰেকৰ্ডছ’ত নাম দীপজ্যোতিৰ

আমগুৰিৰ এগৰাকী যুৱকৰ অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাই লাভ কৰিছে...

মুদ্ৰাস্ফীতিৰ মাজতে ডাঙৰ সিদ্ধান্ত RBIৰ; RBI-এ বৃদ্ধি কৰিলে ৰেপো ৰেট, ৫.২৫ শতাংশৰ পৰা ৫.৫ শতাংশলৈ বৃদ্ধি ৰেপো ৰেট

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ভাৰতীয়...