কাৰ ভুলৰ বাবে মৃত্যু হ’ল ছাত্ৰী প্ৰিয়া কুমাৰীৰ?

কাৰ ভুলৰ বাবে মৃত্যু হ’ল ছাত্ৰী প্ৰিয়া কুমাৰীৰ?

প্ৰিয়াৰ মৃত্যুৰ পিছত উপায়ুক্তৰ নাটকীয় তৎপৰতা

দুৰ্ঘটনাৰ এঘণ্টাৰ ভিতৰতে পুতি পেলোৱা হ’ল জলব’ৰ্ডৰ গাঁত

চি চি কেমেৰাত বন্দী শিহৰণকাৰী দৃশ্য

জলব’ৰ্ডৰ মৰণ ফান্দেই কাল হ’ল প্ৰিয়াৰ

জধে মধে গুৱাহাটীত ৰাজপথত গাঁত খান্দি মইমতালি চলোৱা ঠিকাদাৰ গোষ্ঠীক নিয়ন্ত্ৰণত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্লজ্জ অকৰ্মন্যতাৰ বাবে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল’ব লগীয়া হ’ল দুৰ্ভগীয়া ছাত্ৰী গৰাকীয়ে। AS01 PC7411 নম্বৰৰ ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ স্কুল বাছখন গণেশগুৰিৰ পৰা গৈ আছিল হাতীগাঁৱৰ দিশে। বাছখনৰ বাওঁ দিশেৰে কাষে কাষে আহি আছে স্কুটীখন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনত আছিল দুই আৰোহী। মৃত্যু হোৱা প্ৰিয়া আৰু প্ৰিয়াৰ বায়েক আহিছিল স্কুটীখনত। বায়েক আছিল চালকৰ আসনত। হঠাৎ‍সন্মুখত জলব’ৰ্ডে খান্দি থোৱা মৰণফান্দ সদৃশ্য গাঁতটো দেখি নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে স্কুটীখন। আৰোহী প্ৰিয়া পলকতে সোমাই পৰে বাছৰ তলত। বাছখনৰ বাওঁফালৰ পিছৰ চকাটোৱে পলকতে চেপেটা কৰি যায় প্ৰিয়াৰ মূৰ। চটফটাবলৈকো সুযোগ নাপালে প্ৰিয়াই। জলব’ৰ্ডে চূড়ান্ত কাণ্ডজ্ঞানহীনভাৱে খান্দি থৈ যোৱা গাঁতটোৱেই কাল হ’ল এজনী কম বয়সীয়া ছোৱালীৰ বাবে। পুৱাই ৰাজধানী দিছপুৰৰ হৃদপিণ্ডত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই উদঙাই থৈ গ’ল মহানগৰ প্ৰশাসনৰ চৰম অৱ্যৱস্থা, অকৰ্মন্যতা, কাণ্ডজ্ঞানহীনতা।

অসম বিধানসভাৰ দেৱালৰ কাষতে গণেশগুৰিত এনে দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যুক আকোঁৱালি লোৱা প্ৰিয়া কুমাৰী আছিল লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। হেঙেৰাবাৰীৰ প্ৰিয়া আন দিনাৰ দৰেই বায়েকৰ লগত ওলাই আহিছিল বিদ্যালয়লৈ। কিন্তু নিয়তিৰ পৰিহাসত অকালতে মৰহি গ’ল এটি সম্ভাৱনা। শিহৰণকাৰী এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ বাছখনে পলায়ন কৰাক লৈ ক্ষোভিত হৈ পৰে ৰাইজ। ইফালে অতি পৰিতাপৰ কথা এই শিহৰণকাৰী ঘটনাৰ পিছতো বহু পলমকৈ হে ঘটনাস্থলীত উপস্থিত হ’ল প্ৰায় ৩০০ মিটাৰ আঁতৰতে থকা দিছপুৰ আৰক্ষী। ৰাজপথত মৰণফান্দ খান্দি ৰখা জলব’ৰ্ড আৰু সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি মহানগৰবাসীক এনেদৰে তিল তিল কৈ মৰিবলৈ এৰি দিয়া প্ৰশাসনৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ।

ইফালে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠাৰ পিছতে আৰম্ভ হ’ল আৰক্ষী প্ৰশাসনৰ নাটকীয় তৎ‍পৰাত। বশিষ্ঠ আৰক্ষীয়ে আটক কৰিলে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালক বিপুল বড়োক। জব্দ কৰিলে বাছখন। ইফালে এগৰাকী ছাত্ৰীৰ প্ৰাণ হানী হোৱাৰ পিছতে সম্বিত আহিল মহানগৰ জিলা উপায়ুক্তৰো। উপায়ুক্তৰ নিৰ্দেশত এঘণ্টাৰ ভিতৰতে পুতি পেলোৱা হ’ল মৰ্মান্তিক দুৰ্ঘটনাৰ মূল কাৰণ উপায়ুক্তই নেতৃত্ব বহন কৰা জলব’ৰ্ডে খন্দা গাঁতটো।

কিন্তু কেৱল গনেশ গুৰিৰ এই স্থানতে নহয় মহানগৰীৰ সৰ্বত্ৰ প্ৰায় প্ৰতিটো পথতে আছে এনে অসংখ্য মৰণফান্দ। কিন্তু দীৰ্ঘদিনে NKTVত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো এই ভয়ানক পৰিস্থিতিকলৈ সামান্য গুৰুত্ব দিবলৈ সময় নোলাল প্ৰশাসনৰ। গুৰুত্ব নিদিলে বিভাগীয় মন্ত্ৰী অশোক সিংহলেও। কিন্তু আজি এই সমগ্ৰ ব্যৱস্থাটোৰ দায়িত্বহীনতাৰ বাবেই প্ৰিয়া কুমাৰীৰ মৃত্যুৰ পিছত উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ল জৰুৰী বৈঠক। জলব’ৰ্ডৰ ‍বিষয়াক জৰুৰী তলব উপায়ুক্ত পল্লৱ গোপাল ঝাৰ। পানী যোগানৰ নামত গুৱাহাটীত জধে-মধে গাত খান্দিছিল জলব’ৰ্ডে। ইফালে মৰ্মান্তিক ঘটনাত কন্যাক হেৰুৱাই হিয়াঢাকুৰি কান্দিছে প্ৰিয়াৰ দুৰ্ভগীয়া মাতৃয়ে। বিচাৰিছে ন্যায়, বিচাৰিছে দোষীৰ শাস্তি।

কিন্তু প্ৰশ্ন হৈছে প্ৰিয়াৰ দুৰ্ভগীয়া পৰিয়ালটোৱে পাবনে ন্যায়?

এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে প্ৰকৃত দোষী কোন?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শিৱসাগৰৰ ডিমৌত চাঞ্চল্যকৰ অপহৰণ-ধৰ্ষণ

এনকাউন্টাৰতো ভীতিগ্ৰস্ত নহয় একাংশ। আৰক্ষীৰ গুলীয়ে ৰোধ কৰিব পৰা...

কোনে হত্যা কৰিছিল ৰূপহীহাটৰ গড়াজানৰ ৪জনক?

নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত হৈছিল এটা...

আৰম্ভণিৰ দিনাই উত্তপ্ত সংসদৰ শীতকালীন অধিৱেশন

আৰম্ভণিৰ দিনাই উত্তপ্ত সংসদৰ শীতকালীন অধিৱেশন। আদানি গ্ৰুপৰ দুৰ্নীতিক...

বিৰাট কোহলীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন অনুষ্কা শৰ্মাৰ

বিৰাট কোহলীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন অনুষ্কা শৰ্মাৰ টেষ্ট মেচত বিৰাটৰ...