হৃদৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গান্ধীৰ শুই থকা অৱস্থাতে মৃত্যু

তেওঁ আছিল পেচাত চিকিৎসক হৃদৰোগ বিশেষজ্ঞ। হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি অসংখ্য লোকক তেওঁ নতুন জীৱন দিছিল। কিন্তু এনে এজন চিকিৎসকেই শুই থকা অৱস্থাতে চিকাৰ হৈ গ’ল হৃদৰোগৰ।

হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি কৰি নিজেই চিকাৰ হৈ গ’ল ভয়াৱহ হৃদৰোগৰ

হৃদৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গান্ধীৰ শুই থকা অৱস্থাতে মৃত্যু

৪১ বছৰীয়া ডাঃ গান্ধীয়ে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ১৬ হাজাৰ লোকৰ

গুজৰাটৰ জামনগৰত প্ৰসিদ্ধ চিকিৎসকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ

চিকিৎসক ৰূপে তেওঁ অৰ্জন কৰিছিল সুনাম। আহমেদাবাদত কাৰ্ডিঅল’জীত বিশেষ প্ৰশিক্ষণ লোৱা ডাঃ গৌৰৱ গান্ধী নামৰ চিকিৎসকগৰাকীৰ জন্ম গুজৰাটৰ জামনগৰত।  বৰ্তমান জামনগৰতে এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ডাঃ গান্ধীয়ে এতিয়ালৈকে অনেক লোকৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে। প্ৰায় ১৬ হাজাৰ হৃদৰোগীক তেওঁ দিছে নতুন জীৱন। কিন্তু এনে এজন বিশিষ্ট চিকিৎসক মঙলবাৰে পুৱতি নিশা  হৃদৰোগত আক্ৰান্ত হয়। কিন্তু তেওঁৰ শৰীৰত হৃদৰোগৰ কোনো লক্ষণ প্ৰকাশ পোৱা নাছিল। সংগোপনে বিচনাত শুই থকা অৱস্থাত পুৱতি নিশা চিকিৎসক গান্ধীৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য।

হৃদৰোগ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অহৰহ প্ৰয়াস কৰিছিল ডাঃ গৌৰৱ গান্ধীয়ে

ফে’চবুকত চলাইছিল HALT HEART ATTACKS শীৰ্ষক এক অভিযান

হৃদৰোগত মৃত্যুৰ সংখ্যা সমগ্ৰ বিশ্বত বৃদ্ধি পাইছে দিনক দিনে

ভাৰতত প্ৰতিবছৰে প্ৰায় ১ লক্ষাধিক লোকৰ মৃত্যু হয় হৃদৰোগত

সদায় লোকক হৃদৰোগৰ সন্দৰ্ভত পৰামৰ্শ দি অহা চিকিৎসকজনে নিজেই হৃদৰোগৰ চিকাৰ হ’বলগীয়া পৰিস্থিতিৰ বিষয়ে সম্ভেদ নোপোৱাটো আশ্চৰ্য্যজনক হিচাপে চিহ্নিত হৈছে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সমগ্ৰ বিশ্বতে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। লাইফ ষ্টাইল ডিজিছ হিচাপে পৰিচিত হৃদৰোগৰ সন্দৰ্ভত অধিক সচেতনতা সৃষ্টি কৰাৰ থল আছে।  আপোনালোকেও চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু হৃদৰোগৰ পৰা নিজকে ৰক্ষা কৰক। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...