পূব ঘিলাধাৰী সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু

গোলাঘাট জিলাৰ আঠখেলীয়াৰ নাওবৈচাস্থিত পূব ঘিলাধাৰী সমবায় সমিতিত শেহতীয়াকৈ উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া সকলে তদন্ত তথা পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে। এই তদন্ত কালত উক্ত সমবায় সমিতিৰ সচিব তথা সভাপতি গৰাকীয়ে কৰা বিভিন্ন অসাধু ব্যৱসায়ৰ প্ৰসংগ সমুখলৈ আহে। বিগত এমাহ অৰ্থাৎ ২ মে, ২০২৩ তাৰিখৰ পৰা ষ্টোক বোৰ্ডৰ তত্বাৱধান নকৰাৰ পৰা আৰম্ভ কৰি সভাপতি গৰাকীয়ে আৱণ্টিত চাউলৰ ৰচিদ তথা মজুতকৰণ সন্দৰ্ভতো কোনো ধৰণৰ তালিকা প্ৰস্তুত কৰা নাই।

ইয়াৰোপৰি, উক্ত সমবায় সমিতিৰ অধীনত থকা প্ৰায় ১৫ গৰাকী সুলভ মূল্যৰ বিক্ৰেতাক জুন মাহৰ “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-১৩” ৰ প্ৰায় ২৯৫ কুইণ্টল চাউল বৰ্তমানলৈকে প্ৰদান কৰা হোৱা নাই। সমান্তৰালকৈ, সমবায় সমিতিৰ উক্ত দুয়োগৰাকী সদস্যই “পিএম পোষণ ৰাইচ” ৰ ১১৬.৪ কুইণ্টল আৰু “বাল ভাটিকা ৰাইচ” ৰ ৭.১৬ কুইণ্টল চাউলৰ ৰেকৰ্ড প্ৰদানতো ব্যৰ্থ হয়। আনহাতে, তেওঁলোকে সমবায় সমিতিৰ গুদাম ঘৰটোৰ পৰিস্থিতিও অস্বাস্থ্যৰ কৰি ৰাখিছে।

এই আটাইবোৰ বিসংগতি সন্দৰ্ভত শেহতীয়াকৈ বিভাগে কেন্দ্ৰীয় আৰু ৰাজ্যিক নিয়ন্ত্ৰণ আদেশৰ অধীনত সচিব তথা সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...