অৰ্ধ দশক অতিক্ৰম কৰিলে অভি-নীল হত্যাকাণ্ডই

অৰ্ধ দশক অতিক্ৰম কৰিলে অভি-নীল হত্যাকাণ্ডই। এটা নৃশংস মানৱতাহীন ঘটনাৰ পাঁচটা বছৰ অতিক্ৰম। কাৰ্বি আংলঙৰ জিলাৰ ডকমোকাত সংঘটিত হৈছিল ঘটনাটো। ডকমোকালৈ ফুৰিবলৈ গৈছিল গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাস। সংগীতৰ সৈতে জড়িত আছিল দুয়ো। সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মত্যুবৰণ কৰিছিল উঠি অহা দুই প্ৰতিভাই। এখন ক’লা ৰঙৰ মহিন্দ্ৰ চাফাৰী গাড়ীৰে কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাৰ কাংথিলাংচো (Kangthilangso) জলপ্ৰপাতলৈ যাত্ৰা কৰিছিল দুয়ো। নিশা আঠমান বজাত তেওঁলোক কাংথিলাংচোৰ পৰা উভতি আহোঁতে বাটতে পোৱা পানীজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত স্থানীয় লোকে তেওঁলোকৰ গাড়ীখন ৰখায়। স্থানীয় লোকসকলৰ উগ্ৰমূৰ্তি দেখি তেওঁলোকে পলাবলৈ চেষ্টা কৰে যদিও তেওঁলোকক আগচি ধৰি নিৰ্মমভাবে মাৰধৰ কৰিবলৈ লয়। পুলিচৰ তথ্যমতে ২৫০ মান স্থানীয় লোক সেই ঘটনাস্থলীত আছিল। উপস্থিত লোকৰ কোনোবা এজনে মোবাইলত ৰেকৰ্ড কৰি চ’ছিয়েল মেডিয়াত আপলোড কৰাত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছিল যে নীলোৎপল দাসে “মোক নামাৰিবা, মই অসমীয়া। বিশ্বাস কৰা, মই সত্য কৈছো বুলি আৰ্তনাদ কৰি উঠিছিল। যদিও আক্ৰমণকাৰীসকলে সেই কথা গ্ৰাহ্য কৰা নাছিল। ডকমোকা পুলিচে নিশা ৮-৪৫ত খবৰ পাই ঘটনাস্থলীলৈ যাত্ৰা কৰে। কিন্তু অতি বেয়াকৈ আহত হোৱা অভিজিৎ আৰু নীলোৎপলে চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণত্যাগ কৰে। আজি সেই ঘটনাৰ পাঁচটা বছৰ। কিন্তু এতিয়াও সকলো দোষীয়ে পোৱা নাই শাস্তি। ঘটনাৰ ন্যায়িক তদন্ত এতিয়াও অব্যাহত। ন্যায়ৰ অপেক্ষাত অভি-নীলৰ দুয়োটা হতভগা পৰিয়াল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...