অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত থাকিও দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱাত কোনো অসুবিধা নহ’ব কেজৰিৱালৰ। ন্যায়ালয়ৰ মতে মুখ্যমন্ত্ৰী হৈ থাকিবনে নাই সেয়া কেজৰিৱালৰ ব্যক্তিগত বিষয়। হিন্দু সেনা নামৰ সংগঠনে কেজৰিৱালৰ অপসাৰণ বিচাৰি দিয়া আৰ্জি নাকচ কৰি গণতন্ত্রক নিজৰ পথত আগবাঢ়ি যোৱাত বাধা নিদিবলৈও আহ্বান জনালে ন্যায়ালয়ে।

কাৰাৰুদ্ধ কেজৰিৱালে অধিষ্ঠিত হৈ থাকিব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে

দিল্লীৰ মুখ্যমন্ত্ৰীক অপসাৰণৰ আৰ্জি নাকচ উচ্চ ন্যায়ালয়ৰ

প্ৰধান বিচাৰপতি মনমোহনৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ এই ৰায়

‘গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক বুলি মন্তব্য ন্যায়ালয়ৰ’

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা অৰবিন্দ কেজৰিৱালক আঁতৰাবলৈ দিয়া এখন আৰ্জি নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ। সোমবাৰে ED ৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল কেজৰিৱালক। এতিয়া কাৰাগাৰৰ পৰাই কেজৰিৱালে চম্ভালি আছে মুখ্যমন্ত্ৰীৰ দায়িত্ব। কাৰাৰুদ্ধ কেজৰিৱালক মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আতৰাবলৈ ইখন পাছত সিখনকৈ দাখিল হৈছে PIL। কিন্তু প্ৰতিবাৰেই ন্যায়ালয়ে নাকচ কৰিছে এনে আৱেদন।

দিল্লী উচ্চ ন্যায়ালয়ে ৩য় বাৰলৈ নাকচ কৰে কেজৰিৱালক অপসাৰণৰ আৰ্জি

প্ৰধান বিচাৰপতি মনমোহনৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ এই ৰায়

হিন্দু সেনা নামৰ এক সংগঠনে আৰ্জি জনাইছিল ন্যায়ালয়ত

ন্যায়ালয়ৰ অনুসৰি মুখ্যমন্ত্ৰী থাকিব নে নাথাকে সেয়া আপ চৰকাৰৰ নেতা কেজৰিৱালৰ নিজৰ বিষয়। গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক বুলিও মন্তব্য ন্যায়ালয়ৰ। ইফালে বিৰোধী পক্ষই কেজৰিৱালৰ গ্ৰেপ্তাৰক বিজেপিৰ ৰাজনৈতিক প্ৰতিহিংসা বুলিও মন্তব্য কৰিছে।

জে’লৰ পৰা ওলায়েই মোদী চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ সঞ্জয় সিঙৰ

আবকাৰী কেলেংকাৰিত ৬ মাহ কাৰাৰুদ্ধ আছিল আপৰ সাংসদজন

মঙলবাৰে তেওঁক জামিন দিছিল উচ্চতম ন্যায়ালয়ে

বিজেপিক উত্তৰ দিয়াৰ সময় হৈছে বুলি মন্তব্য সাংসদ সঞ্জয় সিঙৰ

ভাষণ প্রসংগত ৰাজ্যসভাৰ সাংসদজনে অৰবিন্দ কেজৰিৱাল আপৰ নেতা আৰু তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বত চলা স্বৈৰাচ্ছাৰী শাসনৰ অন্ত পেলাবলৈও আহ্বান জনাইছে সাংসদ সঞ্জয় সিঙে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...