অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত থাকিও দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱাত কোনো অসুবিধা নহ’ব কেজৰিৱালৰ। ন্যায়ালয়ৰ মতে মুখ্যমন্ত্ৰী হৈ থাকিবনে নাই সেয়া কেজৰিৱালৰ ব্যক্তিগত বিষয়। হিন্দু সেনা নামৰ সংগঠনে কেজৰিৱালৰ অপসাৰণ বিচাৰি দিয়া আৰ্জি নাকচ কৰি গণতন্ত্রক নিজৰ পথত আগবাঢ়ি যোৱাত বাধা নিদিবলৈও আহ্বান জনালে ন্যায়ালয়ে।

কাৰাৰুদ্ধ কেজৰিৱালে অধিষ্ঠিত হৈ থাকিব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে

দিল্লীৰ মুখ্যমন্ত্ৰীক অপসাৰণৰ আৰ্জি নাকচ উচ্চ ন্যায়ালয়ৰ

প্ৰধান বিচাৰপতি মনমোহনৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ এই ৰায়

‘গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক বুলি মন্তব্য ন্যায়ালয়ৰ’

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা অৰবিন্দ কেজৰিৱালক আঁতৰাবলৈ দিয়া এখন আৰ্জি নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ। সোমবাৰে ED ৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল কেজৰিৱালক। এতিয়া কাৰাগাৰৰ পৰাই কেজৰিৱালে চম্ভালি আছে মুখ্যমন্ত্ৰীৰ দায়িত্ব। কাৰাৰুদ্ধ কেজৰিৱালক মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আতৰাবলৈ ইখন পাছত সিখনকৈ দাখিল হৈছে PIL। কিন্তু প্ৰতিবাৰেই ন্যায়ালয়ে নাকচ কৰিছে এনে আৱেদন।

দিল্লী উচ্চ ন্যায়ালয়ে ৩য় বাৰলৈ নাকচ কৰে কেজৰিৱালক অপসাৰণৰ আৰ্জি

প্ৰধান বিচাৰপতি মনমোহনৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ এই ৰায়

হিন্দু সেনা নামৰ এক সংগঠনে আৰ্জি জনাইছিল ন্যায়ালয়ত

ন্যায়ালয়ৰ অনুসৰি মুখ্যমন্ত্ৰী থাকিব নে নাথাকে সেয়া আপ চৰকাৰৰ নেতা কেজৰিৱালৰ নিজৰ বিষয়। গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক বুলিও মন্তব্য ন্যায়ালয়ৰ। ইফালে বিৰোধী পক্ষই কেজৰিৱালৰ গ্ৰেপ্তাৰক বিজেপিৰ ৰাজনৈতিক প্ৰতিহিংসা বুলিও মন্তব্য কৰিছে।

জে’লৰ পৰা ওলায়েই মোদী চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ সঞ্জয় সিঙৰ

আবকাৰী কেলেংকাৰিত ৬ মাহ কাৰাৰুদ্ধ আছিল আপৰ সাংসদজন

মঙলবাৰে তেওঁক জামিন দিছিল উচ্চতম ন্যায়ালয়ে

বিজেপিক উত্তৰ দিয়াৰ সময় হৈছে বুলি মন্তব্য সাংসদ সঞ্জয় সিঙৰ

ভাষণ প্রসংগত ৰাজ্যসভাৰ সাংসদজনে অৰবিন্দ কেজৰিৱাল আপৰ নেতা আৰু তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বত চলা স্বৈৰাচ্ছাৰী শাসনৰ অন্ত পেলাবলৈও আহ্বান জনাইছে সাংসদ সঞ্জয় সিঙে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...