ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন, কি কি ল’লে সিদ্ধান্ত?

সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখন গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত সোমবাৰে অনুষ্ঠিত হয়। অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পোনপ্ৰথমে পুৱা ১০ বজাৰ পৰা সন্থাৰ কাৰ্যবাহী সভা অনুষ্ঠিত হয়। কাৰ্যবাহী সভাৰ পাছতে সভাপতি ৰাতুল নেওগৰ দ্বাৰা সন্থাৰ পতাকা উত্তোলন কৰা হয়| পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে দিনৰ ১২ বজাৰ পৰা সাধাৰণ সভা অনুষ্ঠিত হয়। প্ৰায় ২০ খন ডায়েটৰ প্ৰতিনিধি উপস্থিত থকা সাধাৰণ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে- অধ্যক্ষ, উপাধ্যক্ষ, জ্যেষ্ঠ প্ৰবক্তাৰ পদোন্নতি সময়মতে সম্পন্ন কৰা; কমন কেডাৰ আৰু ডাবল প্ৰমোচনৰ অধিকাৰক ন্যার্য্যতা প্ৰদান কৰা, ডায়েট-এছচিইআৰটিৰ পুনৰ গঠন প্ৰক্ৰিয়া তড়ান্বিত কৰা; ডায়েট সমূহৰ আন্তঃগাঁঠনিৰ বাবে পৰ্যাপ্ত বাজেট নিৰ্ধাৰণ কৰা; বিষয়াসকলৰ ক্ষেত্ৰ ভ্ৰমণৰ বাবে বাহনৰ ব্যৱস্থা কৰা; পদবীৰ নতুন নামকৰণ অনতিপলমে ঘোষণা কৰা; শিশু যত্নৰ ছুটী সৰলীকৰণ কৰা; বিষয়াসকলৰ উচ্চ শিক্ষাৰ হেতু ছুটীৰ ব্যৱস্থা কৰা আদি| উপৰোক্ত দাবীসমূহৰ ক্ষেত্ৰত বিশেষকৈ পদবীৰ নতুন নামকৰণ (Redesignation) সন্দৰ্ভত ইতিমধ্যে উচ্চ কৰ্তৃপক্ষৰ সৈতে ৩০ নৱেম্বৰ তাৰিখে আলোচনা অনুষ্ঠিত হৈছিল| গতিকে সভাই এই ক্ষেত্ৰত অনতিপলমে এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে|

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহৰ ৯ তাৰিখে ডায়েট সমূহৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে সন্থাৰ বিষয়ববীয়া সকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল| সফলভাৱে অনুষ্ঠিত হোৱা সেই বৈঠকৰ বাবে শিক্ষা মন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৈঠকৰ সিদ্ধান্তসমূহ খৰতকীয়াকৈ ৰূপায়ণৰ বাবে অনুৰোধ জনায়| ইয়াৰোপৰি সাধাৰণ সভাই সন্থাৰ সংশোধিত সংবিধানক স্বীকৃতি প্ৰদান কৰাৰ লগতে ৰাতুল নেওগ, মঞ্জু চুতীয়া, প্ৰদীপ কুমাৰ দাস, দীপাংকৰ চক্ৰৱৰ্তী, সুনীল শৰ্মা, কিশোৰ কুমাৰ দাস আৰু ইন্দ্ৰজিত্‍ গামক সামৰি ৭ জনীয়া ৰাজ্যিক ক’ৰ কমিটি গঠনত অনুমোদন জনায়|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...