১০০ কিঃমিঃ গতিবেগত আহি আছে সাগৰীয় ঘূৰ্ণী জাৱাড!

সাৱধান! দেওবাৰে পুৱাই ১০০ কিলোমিটাৰ গতিবেগত আহিব ভয়ংকৰ সাগৰীয় ঘূৰ্ণী জাৱাড। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপে ইতিমধ্য ধাৰণ কৰিছে শক্তিশালী ঘূৰ্ণীবতাহৰ ৰূপ ল’‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ব। ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ বেগত এই ঘূৰ্ণী বতাহে দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ উপকূল অতিক্ৰম কৰিব। ইয়াৰ ফলত প্ৰচণ্ড ধুমুহা, মূষলধাৰ বৰষুণ আৰু সমুদ্ৰপৃষ্ঠত প্ৰবল ঢৌৰ উঠাৰ সম্ভাৱনা আছে।

ইতিমধ্যে অন্ধ্ৰ প্ৰদেশত সাজু কৰি ৰখা হৈছে ৪৬টা NDRFৰ দল। এই ঘূৰ্ণীবতাহে বিশেষকৈ প্ৰভাৱ পেলাব শ্ৰীকাকুলাম, বিশাখাপট্টনম আৰু বিজয়নগৰমত। ওড়িশাটো প্ৰভাৱ পৰিব জাৱাডৰ। ওড়িশাৰ কেইৱাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট।

ইয়াৰ উপৰি জাৱাডৰ প্ৰভাৱ পৰিব পশ্চিম বংগতো। ৫ ডিচেম্বৰত পুৰি উপকূল পাৰ হৈ এই ঘূৰ্ণীবতাহে দক্ষিণ বংগত প্ৰবেশ কৰাৰ সম্ভাবনা। বংগতো প্ৰবল বৃষ্টিপাতৰ লগতে এই ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ দুৰ্যোগৰ।

দুৰ্যোগৰে মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে তিনিওখন ৰাজ্যৰ প্ৰশাসন। সাজু কৰি ৰখা হৈছে মুঠ ৬৪টা NDRFৰ বাহিনীৰ দল। প্ৰয়োজনত অভিযান চলাব পৰাকৈ সাজু কৰি ৰখা হৈছে নৌসেনা বাহিনীকো। ইয়াৰ লগতে মাছমৰীয়াসকলক মাছ মাৰিবলৈ সাগৰৰ মাজলৈ নাযাবলৈ আহ্বান প্ৰশাসনৰ। ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা ৰূপে বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...