আগন্তুক দিনত অতি প্ৰবল ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা থকা ‘আকভান’ক লৈ বৃদ্ধি পাইছে বতৰ বিজ্ঞানীসকলৰ উদ্বেগ। মুম্বাইৰ পৰা কোচিলৈ যাত্ৰা কৰা বিমানৰ যাত্ৰীসকলে মঙলবাৰে পুৱতি নিশা আকাশজুৰি এক অদ্ভুত গোলপীয়া আভা প্ৰত্যক্ষ কৰে। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩২ হাজাৰ ফুট উচ্চতাৰ পৰা বংগোপসাগৰৰ বিস্তীৰ্ণ অঞ্চলত গোলপীয়া পোহৰেৰে আলোকিত ডাৱৰৰ এক বিশাল স্তৰ দেখা পোৱা যায়। সেই আভাৰ কিছু অংশ উত্তৰ দিশলৈও বিস্তৃত হোৱা দেখা গৈছিল।
উল্লেখযোগ্য যে, এই দৃশ্য দেখা পোৱাৰ কেইঘণ্টামান পূৰ্বে, অৰ্থাৎ সোমবাৰে সন্ধিয়া বংগোপসাগৰত সৃষ্টি হৈছিল ঘূৰ্ণীবতাহ ‘আকভান’। বতৰ বিজ্ঞানীৰ একাংশৰ মতে, সদ্য সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহৰ বাবেই বংগোপসাগৰৰ ওপৰত এনে মনোমোহা অথচ অস্বাভাৱিক দৃশ্যৰ সৃষ্টি হৈছিল।
ঘূৰ্ণীবতাহ ‘আকভান’ সৃষ্টিৰ পিছৰে পৰা অতি লেহেমীয়া গতিৰে অন্ধ্ৰপ্ৰদেশ উপকূলৰ দিশে আগবাঢ়িছে। ধীৰ গতিত আগবঢ়াৰ ফলত ঘূৰ্ণীবতাহটোৰ আভ্যন্তৰীণ গঠন অধিক সুসংহত হৈ পৰিছে আৰু ক্ৰমাৎ শক্তি বৃদ্ধি পাইছে। এয়াই এতিয়া বতৰ বিজ্ঞানীসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) পূৰ্বানুমান অনুসৰি, আগন্তুক দিনত ‘আকভান’ অতি প্ৰবল ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব পাৰে।
IMD-ৰ তথ্য অনুসৰি, মঙলবাৰে পুৱা ৫.৩০ বজাত ঘূৰ্ণীবতাহটোৰ কেন্দ্ৰ দক্ষিণ আৰু ইয়াৰ সংলগ্ন পশ্চিম-মধ্য বংগোপসাগৰৰ মধ্যভাগত অৱস্থান কৰিছিল। সেই সময়ত চেন্নাইৰ পৰা পূব দিশত ইয়াৰ দূৰত্ব আছিল ৬১০ কিলোমিটাৰ। ওড়িশাৰ গোপালপুৰৰ পৰা দক্ষিণে ৭৯০ কিলোমিটাৰ, শ্ৰীলংকাৰ ত্ৰিংকোমালীৰ পৰা উত্তৰ-পূব দিশত ৬৩০ কিলোমিটাৰ, মছলিপট্টনমৰ পৰা দক্ষিণ-পূব দিশত ৬৬০ কিলোমিটাৰ আৰু বিশাখাপট্টনমৰ পৰা দক্ষিণ-দক্ষিণ-পূব দিশত ৬৭০ কিলোমিটাৰ দূৰত অৱস্থান কৰিছিল ঘূৰ্ণীবতাহটোৰ কেন্দ্ৰ।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, ঘূৰ্ণীবতাহটোৱে প্ৰথমে উত্তৰ-উত্তৰ-পশ্চিম দিশে গতি কৰি অধিক শক্তি আহৰণ কৰিব। পৰৱৰ্তী সময়ত ইয়াৰ গতিপথ কিছু পৰিমাণে উত্তৰ-পশ্চিমমুখী হৈ অন্ধ্ৰপ্ৰদেশ উপকূলৰ দিশে আগবাঢ়িব।
শুকুৰবাৰে দুপৰীয়াৰ ভাগত নেল্লোৰ আৰু তুনিৰ মাজৰ অঞ্চলত ‘আকভান’ অন্ধ্ৰপ্ৰদেশ আৰু ইয়ানাম উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। স্থলভাগত খুন্দা মৰাৰ সময়ত ই অতি প্ৰবল ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ আশংকা কৰা হৈছে।
সেই সময়ত ঘূৰ্ণীবতাহটোৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১২০ৰ পৰা ১৩০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। আনহাতে, ধুমুহাৰ সৈতে অহা বতাহৰ দমকাৰ গতিবেগ ঘণ্টাত ১৪৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ আশংকা আছে।
ঘূৰ্ণীবতাহৰ প্ৰভাৱ কেৱল ইয়াৰ কেন্দ্ৰৰ আশে-পাশে সীমাবদ্ধ নাথাকে, বৰং বহু দূৰলৈকে বিস্তৃত হয়। মঙলবাৰে বিমানযাত্ৰীসকলে প্ৰত্যক্ষ কৰা আকাশৰ দৃশ্যই সেই কথাকে পুনৰ প্ৰমাণ কৰিছে।
এটা শক্তিশালী ঘূৰ্ণীবতাহৰ সৈতে বৃহৎ পৰিমাণৰ ডাৱৰ, বায়ুমণ্ডলৰ ওপৰৰ স্তৰৰ বায়ুপ্ৰবাহ আৰু জলীয় বাষ্পৰ পৰিবহণ জড়িত হৈ থাকে। ঘূৰ্ণীবতাহৰ গভীৰ ডাৱৰৰ পৰা সৃষ্টি হোৱা বৰফৰ কণা আৰু আৰ্দ্ৰতা ওপৰৰ স্তৰৰ বতাহৰ সৈতে বহু দূৰলৈ বিয়পি পৰিব পাৰে। ফলত মূল ঘূৰ্ণীবতাহৰ পৰা বহু দূৰতো ওপৰৰ স্তৰত ডাৱৰ সৃষ্টি হোৱাৰ অনুকূল পৰিৱেশ গঢ় লৈ উঠে।
মুম্বাই-কোচি বিমানৰ যাত্ৰীসকলে প্ৰায় ৩২ হাজাৰৰ পৰা ৩৫ হাজাৰ ফুট উচ্চতাৰ পৰা এই দৃশ্য প্ৰত্যক্ষ কৰিছিল। বিমানখন আগবাঢ়ি যোৱাৰ লগে লগে দৃশ্যটো চোৱাৰ কোণ সলনি হোৱাৰ ফলত ডাৱৰবোৰ উত্তৰ দিশলৈ সৰি যোৱা যেন দেখা গৈছিল।
আনহাতে, ‘আকভান’ৰ প্ৰভাৱ দেশৰ পশ্চিম উপকূলত পৰাৰ সম্ভাৱনা অতি কম বুলি অনুমান কৰা হৈছে। কিন্তু পূব উপকূলৰ বিস্তীৰ্ণ অঞ্চলত ঘূৰ্ণীবতাহটোৱে প্ৰভাৱ পেলোৱাৰ আশংকা আছে। বিমানযাত্ৰীসকলে প্ৰত্যক্ষ কৰা আকাশৰ এই অস্বাভাৱিক দৃশ্যই ঘূৰ্ণীবতাহটোৰ বিস্তৃত প্ৰভাৱৰ কথাকে সূচাইছে।
