হাফলঙৰ ট্ৰেফিক পইণ্টত আৰক্ষী-ৰাইজৰ সংঘাত; আৰক্ষীৰ তালাচীক লৈ উত্তেজনা! বাইক জব্দ, ৪,৫০০ টকা দাবীৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

হাফলং চহৰৰ ট্ৰেফিক পইণ্টত মঙলবাৰে আৰক্ষীয়ে হঠাৎ আৰম্ভ কৰা দুচকীয়া বাহনৰ তালাচী অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) পৰমিন্দৰ সিঙৰ নেতৃত্বত চলোৱা এই অভিযানত প্ৰায় ৪০ৰ পৰা ৫০খন দুচকীয়া বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে কেইবাজনো বাইক আৰোহীয়ে আৰক্ষীৰ তালাচীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

ইফালে, তালাচীৰ পৰা পলাই যাবলৈ চেষ্টা কৰা এজন বাইক আৰোহীৰ বাহনৰ খুন্দাত এটা পথৰ কুকুৰ গুৰুতৰভাৱে আহত হয়। বাইক আৰোহীজন ঘটনাস্থলীৰ পৰা পলাই যায় যদিও কিছু সময় পিছতে কুকুৰটোৰ মৃত্যু হয়।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। অভিযোগ অনুসৰি, কুকুৰটোৱে মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তো আৰক্ষীৰ ফালৰ পৰা তাৎক্ষণিক চিকিৎসাৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল। আৰক্ষীৰ দলটো চালান প্ৰস্তুত কৰাত ব্যস্ত থকাৰ বিপৰীতে স্থানীয় লোকসকলে আগবাঢ়ি আহি কুকুৰটোক পানী খুৱাই সহায় কৰিবলৈ চেষ্টা কৰে।

আনহাতে, আৰক্ষীৰ বিৰুদ্ধে বাইক মোকলাই দিয়াৰ নামত ধন দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। একাংশ স্থানীয় লোকৰ অভিযোগ অনুসৰি, জব্দ কৰা এখন বাইক মোকলাই দিয়াৰ বিনিময়ত আৰক্ষীৰ দলে এজন বাইক আৰোহীৰ পৰা ৪,৫০০ টকা দাবী কৰিছিল। এই অভিযোগক কেন্দ্ৰ কৰি ট্ৰেফিক পইণ্টত আৰক্ষী আৰু বাইক আৰোহীসকলৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত OC পৰমিন্দৰ সিঙে বাইক আৰোহীসকলৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লোৱা চাবিসমূহ ঘূৰাই দিয়ে বুলি অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত OCগৰাকীক উক্ত স্থানৰ পৰা আঁতৰাই দিয়া হয়। পিছত ASP (Headquarters) ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে, OC পৰমিন্দৰ সিঙৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিভিন্ন অভিযোগ উত্থাপন হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে পূৰ্বৰ অভিযোগসমূহৰ সত্যতা আৰু সেই সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই।

এই ঘটনাই হাফলংবাসীৰ মাজত আৰক্ষীৰ তালাচী অভিযানৰ পদ্ধতি, বাইক মোকলাই দিয়াৰ নামত ধন দাবীৰ অভিযোগ আৰু আহত পথৰ কুকুৰটোৰ প্ৰতি আৰক্ষীৰ ভূমিকা সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে ধন দাবী আৰু অন্যান্য অভিযোগসমূহৰ সত্যতা আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ৫৪সংখ্যক ওপজা দিনত পুনেত শ্ৰদ্ধাঞ্জলি: স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নাহৰ গছৰ পুলি ৰোপণ

অসমৰ সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী, সুৰকাৰ তথা সাংস্কৃতিক আইকন...

মহাকাশ গৱেষণাত সৃষ্টি নতুন ইতিহাস, পৃথিৱীৰ পৰা এক আলোকদিন অতিক্ৰম ভয়েজাৰ-১ৰ

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন ইতিহাস সৃষ্টি কৰিলে নাছাৰ মহাকাশযান...