মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সোমবাৰে এগৰাকী ব্যক্তিয়ে নিজৰ ৭ বছৰীয়া পুত্ৰ আৰিয়ান আৰু ৫ বছৰীয়া পুত্ৰ শ্যামক কেনেল (নলা বা খাল)ৰ পানীত দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ছত্ৰপতি সম্ভাজীনগৰৰ পৈঠান চহৰত সংঘটিত হৈছে এই ঘটনা।
অভিযুক্ত ৪০ বছৰীয়া সোমনাথ দামোদৰ ৰডগেই সোমবাৰে সন্ধিয়া দুই পুত্ৰক চকলেট আৰু ৱড়া পাৱ কিনি দিয়াৰ প্ৰলোভন দি স্কুটাৰেৰে ঘৰৰ পৰা লৈ গৈছিল।
অভিযোগ অনুসৰি, কেনেলত দলিয়াই দিয়াৰ পূৰ্বে আতংকিত দুই শিশুৱে কান্দি কান্দি পিতৃক কাকূতি-মিনতি কৰি কৈছিল, “পাপা, আমি মৰি যাম! এনে নকৰিবা।” কিন্তু সন্তান দুটাৰ কৰুণ কাকূতি আওকাণ কৰি তেওঁ দুয়োকে পানীত দলিয়াই দিয়ে।
সেই সময়ত কেনেলৰ ওচৰত উপস্থিত থকা কেইজনমান স্থানীয় কৃষকে অভিযুক্তক বাধা দিবলৈ চেষ্টা কৰে। কিন্তু অভিযুক্তই তেওঁলোকৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে গালি-গালাজ কৰি প্ৰত্যুত্তৰ দিয়ে।
পৰৱৰ্তী সময়ত কৃষকসকলে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত সোমনাথ দামোদৰ ৰডগেক গ্ৰেপ্তাৰ কৰে। পাচোড আৰক্ষীৰ মতে, জেৰাৰ সময়ত অভিযুক্তই অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।
ইফালে, সোমবাৰে নিশাৰ পৰাই কেনেলত সন্ধানহীন দুই শিশুৰ সন্ধানত আৰক্ষী আৰু ডুবাৰুৰ এটা যুটীয়া দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু বাতৰি লিখা পৰলৈকে শিশু দুটাৰ কোনো সন্ধান লাভ কৰা হোৱা নাই।
