ক্ৰিকেটাৰ মিতালী ৰাজৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে। সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীয়ে লিখিছে-”দেশৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীমিতালী ডি ৰাজক লগ পাই ভাল লাগিল। ভাৰতত মহিলা ক্ৰিকেটক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাওঁ। এই সময়তে শ্ৰীমিতালী ৰাজৰ সৈতে অসমত মহিলা ক্ৰিকেটৰ স্থিতি আৰু ইয়াৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ বিষয়েও আলোচনা কৰোঁ।”

উল্লেখ্য যে, অসম চৰকাৰে ক্ৰীড়াক অধিক গুৰুত্ব দি আহিছে আৰু ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণতো গুৰুত্ব দিছে চৰকাৰে।

ইতিমধ্যে বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ পাছত কেইবাখনো উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ হাতত লৈছে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...