ক্ৰিকেটাৰ মিতালী ৰাজৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে। সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীয়ে লিখিছে-”দেশৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীমিতালী ডি ৰাজক লগ পাই ভাল লাগিল। ভাৰতত মহিলা ক্ৰিকেটক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাওঁ। এই সময়তে শ্ৰীমিতালী ৰাজৰ সৈতে অসমত মহিলা ক্ৰিকেটৰ স্থিতি আৰু ইয়াৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ বিষয়েও আলোচনা কৰোঁ।”

উল্লেখ্য যে, অসম চৰকাৰে ক্ৰীড়াক অধিক গুৰুত্ব দি আহিছে আৰু ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণতো গুৰুত্ব দিছে চৰকাৰে।

ইতিমধ্যে বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ পাছত কেইবাখনো উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ হাতত লৈছে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...