কুলীৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ শ্ৰীনাথ কে

উচ্চাকাংক্ষা থাকিলে যে আকাশ চুব পাৰি, তাকে প্ৰমাণ কৰিলে কেৰেলাৰ শ্ৰীনাথ কে. নামৰ এজন ষ্টেশ্বনত বয় বস্তু কঢ়িওয়া কুলীয়ে। মাথোঁ প্ৰয়োজন এক শৃংখলিত পৰিকল্পনা আৰু লক্ষ্যত উপনীত হোৱাৰ মানসিকতাৰে কৰা অধ্যৱসায়ৰ। চাওঁ আহক কুলীৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষালৈকে ৰণৰ বেগী ঘোঁৰা হৈ চেঁকুৰা শ্ৰীনাথ কেৰ যাত্ৰাৰে এক প্ৰতিবেদন।

কেৰালা ৰাজ্যৰ মুন্নাৰ জিলাৰ এন্নাকুলাম নামৰ এটা ষ্টেছনত কৰ্মৰত এইজন শ্ৰীনাথ কে। দৈনিক এক গতানুগতিক ধাৰাত ঘৰৰ পৰা ওলাই গৈ ষ্টেছনত ৰৈ থাকে শ্ৰীনাথ। কাম- যাত্ৰীৰ বয় বস্তু কঢ়িওয়া। দৈনিক উপাৰ্জন কৰে ৪০০ৰ পৰা ৫০০ টকা। কিন্তু বৰ্তমানৰ ব্যয়বহুল পৃথিৱীখনত সেইখিনি টকাৰে নিজৰ পৰিয়ালটো পোহপাল দি চলি থাকিবলৈ সন্মত নাছিল শ্ৰীনাথ। নিজৰ কন্যাকো দিব বিচাৰিছিল এটা স্বাচ্ছন্দ্যৰ জীৱন। সেয়েহে শ্ৰীনাথে পণ কৰিছিল। তেওঁ ইয়াৰ বিকল্প উলিয়াবই। শ্ৰীনাথে মন বান্ধি লৈছিল লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে। পিছে এক বুজন পৰিমাণৰ মাচুল ভৰি প্ৰয়োজনীয় প্ৰশিক্ষণ লবলৈ অপাৰগ আছিল শ্ৰীনাথ। তেনে সময়তে শ্ৰীনাথে সহায় লৈছিল নিজৰ স্মাৰ্ট ফোনটো আৰু ষ্টেছনৰ ফ্ৰী ৱাই ফাইৰ। আৰু অধ্যৱসায় তথা গভীৰ একাগ্ৰতাৰ ফলত শ্ৰীনাথ সফলতাৰে উত্তীৰ্ণ হল কেৰালা লোকসেৱা আয়োগৰ পৰীক্ষাত।

শ্ৰীনাথে প্ৰমাণ কৰিলে যে উচ্চাকাংক্ষা থাকিলে যে আকাশ চুব পাৰি। মাথোঁ প্ৰয়োজন এক শৃংখলিত পৰিকল্পনা আৰু লক্ষ্যত উপনীত হোৱাৰ মানসিকতাৰে কৰা অধ্যৱসায়ৰ। সিমানতে সীমাবদ্ধ নাথাকি শ্ৰীনাথে আৰম্ভ কৰিলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও প্ৰস্তুতি। তেওঁ বিফল হল, আকৌ চলালে প্ৰস্তুতি। পুনৰ বিফল হল, কিন্তু থমকি নৰল। আকৌ চেকুৰিল শ্ৰীনাথৰ আত্মবিশ্বাস আৰু দৃঢ়তাৰ ঘোঁৰা। অৱশেষত চতুৰ্থবাৰৰ প্ৰচেষ্টাত শ্ৰীনাথে পাৰ কৰিলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ দেওনাখনো। অলপতে বিচলিত হোৱা, বিচলিত হৈ বিপথে যোৱা দেশৰ লাখ লাখ নিয়োগ প্ৰত্যাশীৰ বাবে শ্ৰীনাথ এক জলন্ত উদাহৰণ হৈ ৰল।

শ্ৰীনাথে প্ৰমাণ কৰিলে যে দৃঢ়তা থাকিলে, আত্মবিশ্বাস থাকিলে আৰু কোনো এটা লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেঁপাহ থাকিলে, আকাশলৈ কিমাননো দূৰ! দেশৰ প্ৰত্যেকগৰাকী যুৱক যুৱতীৰ বাবে শ্ৰীনাথ কে হওক এটা সফলতাৰ প্ৰতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...