ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে ৭৫টা বছৰ

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে ৭৫ টাকৈ বছৰ। মহাৰজত জয়ন্তীৰ উপলক্ষে শনিবাৰে বিশ্ববিদ্যালয়খনত দেখিবলৈ পোৱা গল ব্যাপক আয়োজন।

অনুষ্ঠানত উপস্থিত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখী। মহাৰজত জয়ন্তী উপলক্ষে ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেলগে পৰৱেশন কৰিলে ‘জিলিকাব লুইতৰে পাৰ…।’

উল্লেখ্য যে বছৰযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব বিশ্ববিদ্যালয়খনৰ মহাৰজত জয়ন্তী। ১৯৮৪ চনতে স্থাপিত হোৱা বিশ্ববিদ্যালয়খনৰ এই ৭৫ টা গৌৰৱোজ্জ্বল বছৰত বহু প্ৰতিভাৰ আঁকৰ জন্ম হল।

অসমৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই শুভক্ষণৰ অংশ হবলৈ পাই সুখী বৰ্তমানে শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকলো।

এই অনুষ্ঠানতে মুকলি কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয় ডিজিটেল ল’গ’, মহাৰজত জয়ন্তীৰ ল’গ’ আৰু গুৱাহাটী বিশ্ববিদ্যালয় শীৰ্ষক এখন তথ্যচিত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...