ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে ৭৫টা বছৰ

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে ৭৫ টাকৈ বছৰ। মহাৰজত জয়ন্তীৰ উপলক্ষে শনিবাৰে বিশ্ববিদ্যালয়খনত দেখিবলৈ পোৱা গল ব্যাপক আয়োজন।

অনুষ্ঠানত উপস্থিত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখী। মহাৰজত জয়ন্তী উপলক্ষে ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেলগে পৰৱেশন কৰিলে ‘জিলিকাব লুইতৰে পাৰ…।’

উল্লেখ্য যে বছৰযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব বিশ্ববিদ্যালয়খনৰ মহাৰজত জয়ন্তী। ১৯৮৪ চনতে স্থাপিত হোৱা বিশ্ববিদ্যালয়খনৰ এই ৭৫ টা গৌৰৱোজ্জ্বল বছৰত বহু প্ৰতিভাৰ আঁকৰ জন্ম হল।

অসমৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই শুভক্ষণৰ অংশ হবলৈ পাই সুখী বৰ্তমানে শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকলো।

এই অনুষ্ঠানতে মুকলি কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয় ডিজিটেল ল’গ’, মহাৰজত জয়ন্তীৰ ল’গ’ আৰু গুৱাহাটী বিশ্ববিদ্যালয় শীৰ্ষক এখন তথ্যচিত্ৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...