গেলামালৰ দোকানত সুৰা বিক্ৰীৰ অনুমতি

সুৰাপায়ীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা গেলামাল বা খাদ্যসামগ্ৰীৰ বিপণী আৰু চুপাৰ মাৰ্কেটত কিনিব পাৰিব সুৰা। শ্বেল্ফ ইন শ্বপ নীতি অনুসৰি প্ৰথমবাৰলৈ ১,০০০ বৰ্গফুটতকৈ অধিক আকাৰৰ চুপাৰ মাৰ্কেট আৰু গ্ৰোচাৰী দোকানত ৱাইন বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। এতিয়া মহাৰাষ্ট্ৰৰ গ্ৰাহকসকলে গ্ৰোচাৰি দোকান আৰু চুপাৰ মাৰ্কেটত ৱাইন ক্ৰয় কৰিবলৈ সক্ষম হ’ব। উপলব্ধতাৰ সহজতাৰ বাবে সুৰাৰ বিক্ৰী ২০ৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি কৰা আৰু ৰাজ্যখনত ফলৰ খেতিৰ মূল্য সংযোজনত সহায় কৰাৰ বাবে চৰকাৰৰ পদক্ষেপ।
উল্লেখ্য যে, অল ইণ্ডিয়া ৱাইন প্ৰডিউচাৰ এছ’চিয়েশ্যনে সুৰা সহজে উপলব্ধ কৰাৰ বাবে গ্ৰোচাৰী দোকানত ৱাইন বিক্ৰী কৰাৰ অনুমতি দিবলৈ দাবী জনাইছিল। দেশৰ সুৰাৰ উদ্যোগৰ অগ্ৰণী মহাৰাষ্ট্ৰই যোৱা ২০ বছৰ ধৰি সুৰাক আবকাৰী ৰেহাই প্ৰদান কৰি আহিছে যাতে এই উদ্যোগ বা ব্যৱসায়ৰ বিকাশ-সম্প্ৰসাৰণত সহায় হয়। অৱশ্যে অতিমাত্ৰা সুৰা বিক্ৰীৰ ক্ষেত্ৰত নামমাত্ৰ আবকাৰী শুল্ক প্ৰয়োগ কৰা হ’ব। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ কেবিনেটে এক বৈঠকত সিদ্ধান্ত লয়।
অনুমোদিত দোকানবোৰৰ শ্বেল্ফৰ আকাৰ ২.২৫ কিউবিক মিটাৰ হ’ব লাগিব। ইয়াৰ লগতে বাৰ্ষিক অনুজ্ঞা পত্ৰৰ মাচুল হিচাপে বছৰি ৫ হাজাৰ টকা আদায় দিব লাগিব। মন কৰিবলগীয়া যে অহা ৫ বছৰত সুৰা উদ্যোগক ১০০০ কোটি টকাৰ পৰা পাঁচগুণ বৃদ্ধি কৰিবলৈ অল ইণ্ডিয়া ৱাইন প্ৰডিউচাৰ এছ’চিয়েশ্যনে এক নীতি প্ৰস্তুত কৰিছিল। ইয়াৰ লগতে সন্থাটোৱে সুৰাপানীৰ আইনী বয়স ২৫ৰ পৰা ২১ বছৰলৈ হ্ৰাসৰ বাবেও দাবী জনাই আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...