ক’ভিডৰ সংক্ৰমণ, এসপ্তাহৰ বাবে বন্ধ কৰি দিছে বেংকৰ কাম-কাজ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। উত্তৰ জামুগুৰি হাস্পতালৰ অন্তৰ্গত বৃহত্তৰ জামুগুৰিহাট অঞ্চলত ক’ভিডৰ তৃতীয়টো ঢৌত ১৫৯গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰ লগতে এজন লোকৰ কৰ’ণাত মৃত্যু ঘটিছে। জামুগুৰিৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত অৱস্থিত ইউকো বেংকৰ জামুগুৰিহাট শাখাৰ সকলো বিষয়া-কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হোৱাত প্ৰশাসনে এসপ্তাহৰ বাবে বন্ধ কৰি দিছে বেংকৰ সকলো কাম-কাজ। যোৱা ৪ দিন ধৰি ইউকো বেংকৰ জামুগুৰিহাট শাখা বন্ধ হৈ থকাৰ ফলত একপ্ৰকাৰ সমস্যাত পৰিছে বেংকৰ গ্ৰাহকসকল। ইয়াৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰে জড়িত ব্যৱসায়ী আৰু সাধাৰণ লোকসকলো সমস্যাত পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...

মাৰ্কিন গায়িকা মেৰী মিলবেনৰ বিস্ফোৰক দাবী; আমেৰিকাৰ নিৰ্বাচিত দাতাৰ পৰা CJP-এ ধন লাভ কৰে

আমেৰিকান গায়িকা মেৰী মিলবেনে বুধবাৰে এক বিস্ফোৰক দাবী কৰে...